দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সম্পৰ্কত একেখন নাটকৰে ইজনৰ পাছত সিজন ছিংগাপুৰ নিবাসী অসমীয়াই প্ৰদান কৰা ভাষ্যই বিভিন্ন প্ৰশ্নৰ উদ্রেক ঘটাইছে পৰিকল্পিতভাৱে যে এইসকলে নিজৰ লগতে আৰু কাক সুৰক্ষা প্ৰদানৰ বাবে এনে আচৰণ প্ৰদৰ্শন কৰিছে বুলিও চর্চা চলিছে। বৃহস্পতিবাৰে ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰে এইবুলিয়েই কৈ দিয়ে যে মৃত্যুৰ আগলৈকে জুবিন গাৰ্গ যে ইমান জনপ্রিয়, ইমান প্রতিভাশালী, ইমান জ্ঞানী সত্তা আছিল তেওঁ হেনো জনাই নাছিল। হাস্যকৰ কথাটো হ’ল যে জুবিনৰ বাবেই অভিশপ্ত য়ট পার্টিটোৰ আয়োজন কৰা হৈছিল, অথচ অভিমন্যু তালুকদাৰে সেই জুবিনকে হেনো বিশেষ জনা নাছিল। শ্যামকানু মহন্তই জুবিনৰ নামটোক লৈয়েই নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে দেশে-বিদেশে ব্যৱসায় কৰি ফুৰিছিল। ছিংগাপুৰলৈও অসুস্থ জুবিনক ‘কামুৰি কামুৰি’ লৈ গৈছিল। কাৰণ জুবিন আছিল শ্যামকানুৰ বাবে ‘প্রডাক্ট’।
সেইজন শ্যামকানু মহন্তৰ অতি ঘনিষ্ঠ অভিমন্যু তালুকদাৰে জুবিনৰ মৃত্যুৰ দুদিন পূর্বে শ্যামকানুক সুৰাৰ বটল যোগাৰ কৰি দিছিল। তাৰ পাছতো গম পোৱা নাছিল জুবিন গাৰ্গ কোন! জুবিন গাৰ্গৰ সংগ পাবৰ বাবেই য়ট পার্টিত যোগদান কৰা বুলি ন্যায়াধীশ শর্মিলা ভূঞাৰ দ্রুত আদালতত ইতিমধ্যে সাক্ষ্য প্রদান কৰা কে’বাজনো প্রবাসী অসমীয়াই সদৰী কৰিছে। তাৰ পাছত অসম এছ’চিয়েছন কাণ্ডাৰী অভিমন্যু তালুকদাৰে জনা নাছিল জুবিন গাৰ্গ কোন!
তদুপৰি কেৱল অভিমন্যু তালুকদাৰেই নহয়, সাক্ষ্য প্রদান কৰা পৰীক্ষিত শর্মা, সুস্মিতা গোস্বামী, প্রতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিঅ’ লাংছাট নাৰ্জাৰীয়ে ইতিমধ্যে দিয়া সাক্ষ্যত আত্মসুৰক্ষাক আগস্থান দিয়াতো স্পষ্ট হৈছে। প্রত্যেকৰে ভাষ্যও একে হৈছে। বিশেষকৈ জুবিন গাৰ্গ অসুস্থ থকা বুলি কোনেও নজনা কথাটোত প্রত্যেকে সমান জোৰ দিছে।
বৃহস্পতিবাৰে দ্রুত আদালতত দ্বিতীয় দিনা সাক্ষ্য দিয়ে অভিমন্যু তালুকদাৰে। সিদ্ধার্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই তালুকদাৰক কালি জেৰা কৰে। ইয়াৰ পাছতে তালুকদাৰে এজনীয়া ন্যায়িক তদন্ত আয়োগৰ সম্মুখতো সাক্ষ্য দিয়ে। তাৰ পাছত সাংবাদিকৰ আগত কে’বাটাও বক্তব্য আগবঢ়ায়।
জুবিন গাৰ্গক নাজানিছিলেই!
ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ নেতৃত্ব দিয়া, সুন্দৰ অসমীয়াত কথা কোৱা অভিমন্যু তালুকদাৰৰ বাবে জুবিন গাৰ্গ ইমান পৰিচিত সঁচাই নাছিল নেকি?
তালুকদাৰে কয়, ‘মই অসমত দুবছৰ মানহে আছিলো, ১৯৯২-৯৪ ত । সেই সময়ত জিতুল সোণোৱালৰ বিৰাট ফেন আছিলো। জুবিন গাৰ্গ এজন বিখ্যাত গায়ক বুলি জানিছিলো। এতিয়াহে গম পাইছো যে তেওঁ ৪০ হেজাৰ গীত গাইছিল। পাছত গম পাইছো পাঁচ হেজাৰ গান লিখিছিল। গতিকে এইটো সাধাৰণ মানুহে কৰা কাম নহয়। কিন্তু মই পাছত গম পাইছো। জুবিন গাৰ্গৰ যে বেমাৰ হৈ আছিল, মইতো জনাৰ সুযোগেই নাছিল। কাৰণ মই বাহিৰত থাকো। অৱশ্যে য়ট পাৰ্টিৰ ছিংগাপুৰৰ বাকীসকলে গম পাইছিল নে পোৱা নাছিল, সেই বিষয়ে তেওঁলোকে ক’ব।’ আকৌ য়ট পার্টিটোলৈ আন এজন প্রবাসী অসমীয়া তন্ময় ফুকনে তেওঁক আমন্ত্রণ জনাইছিল বুলিও তালুকদাৰে কয়। কিন্তু য়ট পার্টিটো আয়োজন কোনে কৰিছিল সেই বিষয়ে পূৰ্বৰ কে’বাজনৰ দৰে অজ্ঞতা প্রকাশ কৰে। এই অজ্ঞতাৰ আঁৰত ছিংগাপুৰৰ এইসকল প্রবাসী অসমীয়াই কাক সুৰক্ষা দিব বিচাৰিছে?
আকৌ তালুকদাৰে দাবী কৰে যে পার্টিটো আয়োজন কৰা দিনটোত অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ পুৱাহে তাত অংশগ্ৰহণ কৰিব বুলি তেওঁ নিশ্চিত কৰিছিল আৰু দুপৰীয়া দুই বজাত নির্দিষ্ট স্থানত উপস্থিত হৈছিল।
ইপিনে, জুবিন গাৰ্গৰ অন্তিম মুহূর্তটো নিজে দেখা নোপোৱাৰ দাবী কৰে অভিমন্যু তালুকদাৰে। তদুপৰি কয় যে অন্তিম মুহূৰ্তৰ অধিক ভিডিঅ’ আছে। আত্মপক্ষ সমর্থনেৰে তালুকদাৰে পুনৰ কয়, ‘জুবিন গাৰ্গে প্ৰথমবাৰ লাইফ জেকেট পিন্ধি সাগৰত নামিছিল। দ্বিতীয় বাৰ পিন্ধা নাছিল আৰু মই দেখিছিলো। ইয়াৰ পাছত মই হাত ধুবলৈ য়টখনৰ কেবিনৰ ভিতৰলৈ গৈছিলো। কিবা খাইছিলো আৰু হাতখন লেতেৰা হৈছিল। বাহিৰলৈ ওলাই আহোতে হাল্লা শুনিছিলো। মই যি অৱস্থাত জুবিন গাৰ্গক দেখিছিলো, সেই সময়ত চেতনা নাছিল।’
ইয়াৰ লগতে তালুকদাৰে কয় যে সেই ঘটনাৰ প্ৰায় ১৫ মিনিট পাছত কোষ্ট গার্ডৰ দল ঘটনাস্থলী পাইছিল। তাত চিপিআৰ দিয়া হৈছিল। আনহাতে, আধা ঘণ্টাৰ ভিতৰত জুবিন গাৰ্গ হাস্পতাল পাইছিল বুলিও তালুকদাৰে দাবী কৰে। জুবিন পানীত নমাৰ সময়ত সিদ্ধার্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামী নাছিল বুলিও আন এক বক্তব্য তালুকদাৰে আগবঢ়ায়।
ইপিনে, জুবিন গাৰ্গক য়টৰ দিনটোক ধৰি দুবাৰ লগ পোৱা বুলি অভিমন্যু তালুকদাৰে সাংবাদিকৰ আগত কয়। জুবিন গাৰ্গৰ জ্ঞানকো তুলাচনীত তোলে এইজন প্রবাসী অসমীয়াই। তালুকদাৰে কয়, ‘মই জুবিন গাৰ্গক ১৭ ছেপ্টেম্বৰত প্ৰথম লগ পাইছিলো। তাৰ পাছত ১৯ ছেপ্টেম্বৰত য়টত মোৰ কাষতে অলপ সময় বহিছিল।’ ইয়াৰ পাছতে বেপৰোৱা সুৰত কয়, ‘তেওঁ বহুত জ্ঞানী আছিল। কথাবোৰত গভীৰতা আছিল। বহুত পঢ়া-শুনা কৰা মানুহ বুলি গম পাইছিলো। অসমৰ বুৰঞ্জীৰ কথা কৈছিল।’ সাংবাদিকৰ প্ৰশ্নত তালুকদাৰে এইবুলিও কয় যে ১৭ ছেপ্টেম্বৰত তেওঁ শ্যামকানু মহন্তক সুৰাৰ বটল সংগ্ৰহ কৰি দিছিল।































