GyaneshKumar : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সংবিধান আৰু আইনী বিধি ব্যৱস্থাক মষিমূৰ কৰি দেশৰ নিৰ্বাচন আয়োগক নজিৰবিহীন বিতৰ্কৰ আৱৰ্তলৈ ঠেলি দিয়া মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এইবাৰ সৰৱ হ’ল ককৰোচ জনতা পার্টি (চিজেপি)।
বুধবাৰে ‘দ্য ইন্ডিয়ান এক্সপ্রেছ’ কাকতে মুখ্য নির্বাচন আয়ুক্ত কুমাৰৰ সংবিধান হত্যাৰ কুকীর্তি ফাদিল কৰাৰ পাছত বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰি চিজেপিয়ে তেওঁক আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিছে; অন্যথা দেশজুৰি তুমুল প্রতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে সংগঠনটোরে। আজি ইয়াত এখন সংবাদমেলত এই হুংকাৰ দি চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেই কয়, ‘যদি ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰে তেন্তে আমি দেশব্যাপী প্রতিবাদ সাব্যস্ত কৰিম।’
কুমাৰক তেওঁ সৰ্ববৃহৎ বাষ্ট্রদ্রোহী আখ্যা দিয়ে। শাসকীয় বিজেপি আৰু নিৰ্বাচন আয়োগৰ গোপন বুজাবুজি মর্মে কুমাৰে অবৈধ তথা অসংবিধানিক কাৰ্য সংঘটিত কৰা বুলিও সংগঠনটোরে অভিযোগ উত্থাপন কৰে। কুমাৰে পদত্যাগ নকৰিলে তেওঁক অপসাৰণ কৰি ফৌজদাৰী গোচৰ ৰুজু কৰাৰো দাবী উত্থাপন কৰিছে চিজেপিয়ে। এনেদৰে সংগঠনটোৱে বিষয়টোক লৈ তিনিটা মূল দাবী উত্থাপন কৰে।
কাৰ নিৰ্দেশত কুমাৰে আয়োগত অবৈধ কার্যকলাপ সংঘটিত কৰিলে সেয়া প্রকাশ কৰিবলৈও সংবাদমেলত চিজেপি নেতৃত্বই দাবী উত্থাপন কৰে। উল্লেখ্য যে ‘দ্য ইন্ডিয়ান এক্সপ্রেছ’ কাকতে পোহৰলৈ অনা তথ্য অনুসৰি, মুখ্য নির্বাচন আয়ুক্ত কুমাৰে মইমতালিৰে অকলে ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআব) ৰ সিদ্ধান্ত গ্রহণ কৰে।
অথচ দেশৰ সংবিধান আৰু নির্বাচন আয়োগ আইন অনুসৰি, মুখ্য নির্বাচন আয়ুক্তই আন দুজন নির্বাচন আযুক্তৰ স’তে আলোচনা নকৰাকৈ তথা সর্বসম্মত সিদ্ধান্ত নহ’লে এনে কোনো গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে। এই সাংবিধানিক তথা আইনী বিধি ব্যৱস্থাক তেওঁ ভৰিৰে মোহাৰি আন দুই নির্বাচন আয়ুক্তক আন্ধাৰত ৰাখি এছআইআৰ সম্পৰ্কীয় সকলো সিদ্ধান্ত গ্রহণ কৰে। ফলত ৩০খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ১৩ কোটিৰো অধিক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে।
একেদৰে নতুন ভোটাৰ পঞ্জীয়নতো ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আজি সংবাদমেলত চিজেপি নেতৃত্বই এইসমূহ দিশ উল্লেখ কৰি কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময় বান্ধি দিয়ে। আনকি আগন্তুক সকলো নির্বাচন তাৎক্ষণিকভাবে বাতিলৰো দাবী উত্থাপন কৰিছে সংগঠনটোৱে।
তদুপৰি এছআইআৰ সম্পৰ্কীয় সমগ্র সিদ্ধান্ত গ্রহণ প্রক্রিয়াটোৰ পৰীক্ষণৰ বাবে এক স্বতন্ত্র তদন্ত আয়োগ গঠনৰো দাবী উত্থাপন কৰে সংগঠনটোৱে।
২০২৫ৰ জানুৱাৰীৰ ভোটাৰ তালিকা বাহাল-২০২৩ৰ নিৰ্বাচন আয়োগ আইন বাতিলৰ দাবী
বিৰোধীৰ প্ৰবল প্রতিবাদৰ মাজতে অসমকে ধৰি একাংশ ৰাজ্যক বাদ দি নির্বাচন আয়োগে দেশজুৰি সম্পন্ন কৰা এছআইআৰৰ পূৰ্বৰ তথা ২০২৫ৰ জানুৱাৰীৰ ভোটাৰ তালিকা বাহাল ৰখাৰো দাবী উত্থাপন কৰিছে চিজেপিয়ে। আজি সংবাদমেলত এই দাবী উত্থাপন কৰি সংগঠনটোৰ নেতৃত্বই লগতে ২০২৩ৰ নিৰ্বাচন আয়োগ আইন বাতিলৰো দাবী জনায়। উল্লেখ্য যে ২০২৩ৰ নিৰ্বাচন আয়োগ আইনে তিনিজনীয়া নির্বাচন আয়ুক্ত বাছনি সমিতিৰ পৰা দেশৰ মুখ্য ন্যায়াধীশক আঁতৰায়। মুখ্য ন্যায়াধীশৰ ঠাইত সমিতিখনত এজন কেন্দ্রীয় মন্ত্রীক অন্তর্ভুক্ত কৰা হয়। তিনিজনীয়া সমিতিখনৰ আন দুই সদস্য হ’ল প্রধানমন্ত্রী আৰু বিৰোধী দলপতি।
জনতাৰ ক্ষোভ সত্ত্বেও কুমাৰৰ দিনত বিজেপিয়ে অধিক আসন পাইছে: দিপকে
কালি সংবাদমেলত চিজেপিৰ প্ৰতিষ্ঠাপক দিপকেই লগতে অভিযোগ উত্থাপন কৰে যে কুমাৰে মুখ্য নির্বাচন আযুক্তৰ দায়িত্ব গ্রহণ কৰাৰ পাছৰে পৰা বিজেপিয়ে লাভ কৰা ভোটৰ পৰিমাণ বৃদ্ধি পাই আহিছে। কুমাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি তেওঁ লগতে কয়, ‘প্রধানমন্ত্রী মোদী নহয়, তেওঁ (কুমাৰ) হৈছে বিজেপিৰ মুখ। জনতাৰ ক্ৰোধৰ পাছতো দৃশ্যমান হৈ থকা সত্ত্বেও বিজেপিয়ে মোদী ঢৌ তুংগত থকাৰ সময়তকৈ অধিক আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে।’
তেওঁ আঙুলিয়াই দিয়ে যে ভোটাৰ তালিকাৰ পৰা নাম কর্তনে কেৱল সংশ্লিষ্ট ভোটাৰৰ ক্ষতি কৰাতে সীমাবদ্ধ নাথাকে। কুমাৰ নেতৃত্বাধীন নির্বাচন আয়োগে জনতাৰ ভোটাধিকাৰ হৰণ কৰিছে বুলিও ক্ষোভ প্রকাশ কৰি চিজেপিৰ প্ৰতিষ্ঠাপকজনে লগতে কয়, ‘জনতাৰ বিশেষকৈ যুৱচামৰ ভোটাধিকাৰ হৰণ হৈছে। ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰিবলৈ বিচৰা জেন-জি ভোটাৰসকলক বাধা দিয়া হৈছে। বাতৰিত প্ৰকাশ পাইছে যে ব্যৱস্থাটো ফোপোলা হৈছে।’
নতুন ভোটাৰ পঞ্জীয়নৰ বাবে থকা প্ৰপত্ৰ-৬ৰ প্ৰশ্নসমূহ ঐচ্ছিক বুলি কৈও নির্বাচন আয়োগে এই প্রশ্নসমূহ বাধ্যতামূলক কৰিলে বুলিও তেওঁ ক্ষোভপ্রকাশ কৰে। জেন-জি ভোটাৰসকলক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে অবৈধভাৱে ছয় নম্বৰ প্ৰপত্ৰৰ সাল-সলনি কৰা হ’ল বুলিও দিপকেই অভিযোগ উত্থাপন কৰে।
তেওঁ স্পষ্ট কৰি দিয়ে যে চিজেপিয়ে বান্ধি দিয়া সময়সীমাৰ ভিতৰত কুমাৰে পদত্যাগ নকৰিলে সমগ্র দেশত যন্তৰ-মন্তৰৰ শেহতীয়া প্রতিবাদ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হ’ব। উল্লেখ্য যে যোৱা জুলাইত চিজেপিৰ প্ৰতিবাদৰ বাবেই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল তদানীন্তন কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান।
ভোটাৰৰ নাম কৰ্তন-সংযোজনৰ ৰিম’ট কন্ট্র’ল আছে দিল্লীত!
দিল্লীৰ পৰাই সমগ্ৰ দেশৰ ভোটাৰ তালিকাসমূহৰ পৰা নাম কর্তন আৰু সংযোজন কৰা হৈছে বুলিও আজি সংবাদমেলত অভিযোগ উত্থাপন কৰে চিজেপিৰ প্ৰতিষ্ঠাপক দিপকেই। ইয়াকে কৰিবলৈ কুমাৰৰ নিৰ্বাচন আয়োগে ভোটাৰ পঞ্জীয়ন বিষয়াবৰ্গৰ ক্ষমতা ব্যাপকভাৱে হৰণ কৰিলে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘ভোটাৰৰ নাম কর্তন-সংযোজন কৰিছে দিল্লীৰ বিম’ট কন্ট্র’লে।’ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগতো ৬০ লাখ ভোটাৰৰ নাম বিসংগতিৰ বাবে যুক্তিসংগত কাৰণত কৰ্তন কৰা বুলি নির্বাচন আয়োগে জাহিৰ কৰিছিল। পিতৃ-মাতৃৰ নামৰ বিসংগতি থকাৰ অজুহাতত এক বৃহৎসংখ্যক ভোটাৰৰ নাম কর্তন কৰা হ’ল বুলিও দিপকেই মন্তব্য কৰে। এই ৬০ লাখ ভোটাৰৰ ৩৩ লাখৰ নাম পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ এক নির্দেশৰ ভিত্তিত সংযোজন কৰা হয় বুলিও তেওঁ উল্লেখ কৰে।
সকলোকে পথলৈ ওলাই আহি প্ৰতিবাদৰ আহ্বান
কালি সংবাদমেলত চিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা আশুতোষ ৰানকাই কয় যে বিজেপিশাসিত গোৱাত ভোটাৰ তালিকাত নাম থকা লোককহে জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা দিয়া হৈছে। একে পন্থাই বিহাৰ, পশ্চিমবংগকে ধৰি আন বিজেপিশাসিত ৰাজ্যসমূহেও অনুকৰণ কৰিবলৈ লৈছে বুলিও সংবাদমেলত চিজেপি নেতাজনে উল্লেখ কৰে। ফলত ভোটাৰ তালিকাৰ পৰা নাম কর্তন হোৱাসকলে জনকল্যাণমূলক আঁচনিৰ সুবিধা নোপোৱাটো নিশ্চিত হৈছে। ইয়াকে লৈ তেওঁ ক্ষোভৰে কয়, ‘আমাৰ ভোটাধিকাৰ বাতিল কৰিবলৈ জ্ঞানেশ কুমাৰ কোন? সকলো দল আৰু নাগৰিকক পথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো। ভোটাধিকাৰ হেৰুওৱা বাবে নহয়, প্রাথমিক চৰকাৰী আঁচনিসমূহৰ সুবিধা হেৰুওৱাৰ বাবে আমি থিয় দিব লাগে।’ মুখ্য নির্বাচন আয়ুক্তৰ বিৰুদ্ধে সংবিধান উলংঘাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত সৰৱ হোৱা বিজেপিকো ৰানকাই উভতি ধৰে। তেওঁ কয়, ‘নির্বাচন আয়োগৰ বিৰুদ্ধে প্রশ্ন উত্থাপন হৈছে; কিন্তু সম্বিত পাত্রই আয়োগক ৰক্ষণাবেক্ষণ দিবলৈ আগবাঢ়ি আহিছে।’































