RahulGandhi:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জ্ঞানেশ-কাণ্ডৰ মূল নৰেন্দ্ৰ মোদী-অমিত শ্বাহ যুটি বুলি অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দেশৰ নিৰ্বাচন আয়োগক ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অবৈধ কাৰ্যকলাপৰ আঁৰত স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ জড়িত থকা বুলি বৃহস্পতিবাৰে ইয়াত এখন সংবাদমেলত সৰৱ হৈ উঠে বিৰোধী দলপতিজন। ৰাহুলে অভিযোগ উত্থাপন কৰে যে কুমাৰক সন্মুখত লৈ মোদী-শ্বাহেই দেশৰ গণতন্ত্ৰ ধ্বংসৰ গুৰি ধৰিলে। আনকি গণতন্ত্র ধ্বংসৰ এই ষড়যন্ত্ৰত মোদী-শ্বাহে শীৰ্ষত অৱস্থান কৰি আছে বুলিও বিৰোধী দলপতিজনে তীক্ষ্ণ ভাষাৰে দুয়োকে আক্রমণ কৰে। ইয়াৰ বাবে দুয়োৰে বিৰুদ্ধে তদন্ত কৰা হ’ব বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে।
বুধবাৰে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতে কুমাৰৰ কুকীর্তি ফাদিল কৰাৰ পাছৰে পৰা তেওঁৰ পদত্যাগৰ দাবী প্ৰবল হৈ উঠাৰ সময়তে প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক এই সমস্ত কাণ্ডৰ মূল আখ্যা দি আজি ৰাহুল সৰৱ হৈ উঠে। মোদী-শ্বাহে মুখ্য নির্বাচন আয়ুযুক্তৰ কাষত থিয় দি আহিছে বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাজনে কয়, ‘ভোট চুৰিৰ ষড়যন্ত্ৰৰ অংশ হৈছে প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী শ্বাহ। তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ’ব।’
ইয়াৰ সমান্তৰালভাৱে ৰাহুলে মুখ্য নির্বাচন আয়ুক্ত কুমাৰে পদত্যাগ কৰিব লাগিবই বুলি হুংকাৰ দিয়ে। লগতে তেওঁ কুমাৰক ৰাজসাক্ষী হ’বলৈও আহ্বান জনায়।
ৰাহুলে কয়, ‘ভোটৰ পৰা দেশৰ সংবিধানে ক্ষমতা অর্জন কৰে। সংবিধানৰ পৰা আমাৰ আইনসমূহ প্ৰস্তুত কৰা হয়। আৰু আমাৰ আইনসমূহৰ পৰা প্ৰতিষ্ঠানসমূহ গঢ় লৈ উঠে। এয়া হৈছে এক শৃংখল আৰু এই শৃংখলে আধুনিক ভাৰতৰ সংজ্ঞা দিয়ে। যদি ভোট ধ্বংস কৰা হয় তেন্তে আমাৰ সংবিধানো ধ্বংস কৰা হয়। সংবিধানে ক্ষমতা হেৰুৱায় আৰু কাৰ্য সম্পাদন কৰিব নোৱাৰা হয়। যদি আমাৰ সংবিধান ধ্বংস কৰা হয় তেন্তে আমাৰ আইনসমূহো অবৈধ। যদি আমাৰ আইনসমূহ অবৈধ তেন্তে আমাৰ প্ৰতিষ্ঠানসমূহৰ কোনো অর্থ নাই।’
কুমাৰৰ এই অবৈধ কার্যকলাপ কেৱল ভোটৰ ওপৰতে এক আক্রমণ নহয় বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘এয়া হৈছে এক ধাৰণা, প্রাথমিক আন্তঃগাঁথনি, প্রতিজন ভাৰতীয়ৰ ভাব প্রকাশত এক আক্রমণ। আমি বাৰে বাৰে কৈ আহিছো যে ভোটৰ স’তে সমস্যা আছে।’
দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া আক্ৰমণ কৰাৰ পৰিণাম বিজেপি আৰু মুখ্য নির্বাচন আয়ুক্ত কুমাৰে ভোগ কৰিব লাগিব বুলিও ৰাহুলে সকীয়াই দিয়ে। কুমাৰক দেশদ্রোহী বুলি আখ্যা দি এই সম্পর্কত তেওঁ লগতে কয়, ‘মুখ্য নির্বাচন আয়ুক্তই যি কাম কৰিলে সেয়া হৈছে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰা কাম। তেওঁ ভোট চুৰি, আইন চুৰি, প্ৰতিষ্ঠান চুৰি (ভোট চুৰি, কানুন চুৰি, সংস্থা চুৰি) কৰিলে। তেওঁৰ প্ৰতি মোৰ পৰামৰ্শ হ’ল তেওঁ ৰাজসাক্ষী হোৱা উচিত। এই কাৰ্য ৰাষ্ট্ৰবাদী কার্য হ’ব। মোদী-শ্বাহে যি কাম কৰিলে, তাৰ বাবে দুয়োজনৰ বিৰুদ্ধে তদন্ত কৰা হ’ব। তেওঁলোক এই ষড়যন্ত্ৰৰ শীৰ্ষত আছে আৰু এই দেশৰ প্ৰতি তেওঁলোকে যি কৰিলে তাৰ তদন্ত কৰা হ’ব। তেওঁলোক হৈছে দেশদ্রোহী কাৰণ তেওঁলোকে এই দেশৰ গণতন্ত্ৰৰ ভোট ধ্বংস কৰিলে।’
ৰাজসাক্ষীৰ বিষয়টো কুমাৰে গুৰুত্ব সহকাৰে চিন্তা কৰা উচিত বুলিও ৰাহুলে মন্তব্য কৰে। তেওঁ আৰু কয়, ‘দুজন নির্বাচন আয়ুক্ত (সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী)ই জ্ঞানীৰ কাম কৰিলে। কুমাৰে গুৰুত্ব সহকাৰে চিন্তা কৰা উচিত আৰু দেশৰ স্বাৰ্থত ৰাজসাক্ষীত পৰিণত হোৱা উচিত।’ ৰাহুলে লগতে উল্লেখ কৰে যে ২০২৫ৰ ফেব্ৰুৱাৰীত কুমাৰক মুখ্য নির্বাচন আয়ুক্তৰূপে নিযুক্তিৰ তেওঁৰ বিৰোধিতা কৰিছিল। তেওঁৰ এই সম্পর্কীয় টোকাটো মোদী চৰকাৰে ডাষ্টবিনলৈ দলিয়াই দিলে বুলিও বিৰোধী নেতাজনে ক্ষোভ প্রকাশ কৰে।
মোদী-শ্বাহৰ বিৰুদ্ধে কিয় প্রতিষ্ঠান বিৰোধী ঢৌ নাই
‘বিগত ২০২৪ৰ লোকসভা নির্বাচন আৰু সকলো বিধানসভা নির্বাচনত ৰিগিং হৈছে।’ দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন হোৱা সংবিধান উলংঘাৰ ঘটনাৰ আঁত ধৰি সংবাদমেলত এই অভিযোগ উত্থাপন কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুলে। বিগত লোকসভা নিৰ্বাচনৰ পাছত বিধানসভা নির্বাচন অনুষ্ঠিত হাৰিয়ানা, মহাৰাষ্ট্ৰ আদিত বিজেপি নেতৃত্বাধীন চৰকাৰ বিৰোধী প্রবল ঢৌ থকাৰ পাছতো কেনেকৈ বিজেপিয়ে বিশাল জয়লাভ কৰিলে বুলিও কংগ্রেছ নেতাজনে প্রশ্ন উত্থাপন কৰে।
এই সম্পৰ্কত ৰাহুলে কয়, ‘বিগত ৫০ বছৰত হাৰিয়ানা শাসন এটা দলৰ পৰা আন এটা দললৈ গৈ আছিল; কিন্তু হঠাতে প্রতিষ্ঠান বিৰোধী টৌ অদৃশ্য হ’ল। মহাৰাষ্ট্ৰতো পৰিৱেশ সলনিৰ বতাহ বলিছিল; হঠাতে তাতো এই বতাহ অদৃশ্য হ’ল। উত্তৰ প্ৰদেশৰ ক্ষেত্ৰতো একেটা কথাই প্রযোজ্য হয়। এয়াই হৈছে আমাৰ বাবে মূল প্রশ্ন। আমি এখন চৰকাৰৰ পাৰদৰ্শিতা বুজি পাব পাৰো। কিন্তু আমি বুজি নাপাওঁ কেনেদৰে প্ৰতিষ্ঠান বিৰোধী ঢৌ অদৃশ্য হয়।’
এই প্রসংগতে তেওঁ কয় যে বিগত লোকসভা নির্বাচন আৰু তাৰ পাছৰ বিধানসভা নির্বাচনত ৰিগিং হয়। নির্বাচন আয়ুক্তদ্বয় সান্ধু আৰু যোশীয়ে মুখ্য নির্বাচন আয়ুক্ত কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰশ্ন উনুকিয়াই ৰাহুলে আৰু কয়, ‘মই এই কাৰ্য কৰি আহিছো আৰু মোৰ প্ৰশ্নবোৰ আওকাণ কৰা হৈছে। গতিকে ক’ব বিচাৰিছো যে চুৰি ভোটৰ ভিত্তিত নিৰ্বাচিত হোৱা সাংসদৰ দ্বাৰা সংসদত আইন প্রণয়ন কৰা হৈছে। তেওঁলোকে প্রস্তুত কৰা যিকোনো আইন অবৈধ।’
আনহাতে নির্বাচন আয়োগে ভোটক সুৰক্ষা দিব লাগে বুলি ধৰি লোৱাৰ পাছতো কুমাৰ নেতৃত্বাধীন আয়োগে এছআইআৰৰ নামত ব্যাপক হাৰত ভোটাৰৰ নামকৰ্তনক লৈ তেওঁ ক্ষোভ প্রকাশ কৰে। ১২ বছৰ ক্ষমতাত থকাৰ পাছতো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বিৰুদ্ধে কিয় প্রতিষ্ঠানবিৰোধী ঢৌ নাই বুলিও ৰাহুলে সংবাদমেলত প্ৰশ্ন কৰে। তেওঁ কয়, ‘মই এটা ৰাজনৈতিক পৰিয়ালৰ সন্তান। মই ৫০ বছৰৰো অধিক সময় এটা ৰাজনৈতিক পৰিয়ালত কটাইছো। ভাৰতত এটা মৌলিক বল আছে যাক প্রতিষ্ঠান বিৰোধিতা বুলি কোৱা হয়। যিকোনো চৰকাৰক প্ৰতিৰোধৰ বাবে এই বল অতি ক্ষিপ্ৰতাৰে আৰম্ভ হয়। ই কাকো ৰেহাই নিদিয়ে। ইন্দিৰা গান্ধীয়ে বাংলাদেশ যুদ্ধ জয় কৰাৰ সময়ত তেওঁৰ জনপ্রিয়তা তুংগত উঠিছিল। আৰু হঠাতে এক-দুই বছৰৰ ভিতৰতে প্রবল প্রতিষ্ঠান বিৰোধী টৌ গঢ়ি উঠে, প্রবল চাপৰ সৃষ্টি হয়। এই একেই ঘটনাই সকলো নেতাৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে। কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধেও সংঘটিত হৈছে। আঞ্চলিক দলসমূহৰ বিৰুদ্ধেও সংঘটিত হৈছে; কিন্তু এনে পৰিস্থিতি মোদী-শ্বাহ আৰু বিজেপিৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাই।’
ইয়াকে লৈ তেওঁ আশ্চর্য প্রকাশ কৰি কয়, ‘এই কথাই মোৰ মনত নিমিলা অংকৰ সৃষ্টি কৰি আহিছে। ভাৰতৰ এই ৰাজনৈতিক বল ক’ত অদৃশ্য হ’ল?’ সংবিধানৰ শত্ৰুসকল চিনাক্ত হ’ল বুলিও উল্লেখ কৰি তেওঁ লগতে কয়, ‘ন্যায় প্রদান কৰা হ’ব। ২০১৪ৰ লোকসভাৰ নিৰ্বাচনত জয়ৰ পাছত মোদী আৰু শ্বাহে ৩০ৰ পৰা ৫০ বছৰ বিজেপি ক্ষমতাত থাকিব বুলি দাবী কৰি আহিছে। ২০২৪ৰ লোকসভা নির্বাচনত এনডিএই চাৰি শতাধিক আসন লাভ কৰিব বুলিও দাবী কৰিছিল। ভাৰতত প্রতিষ্ঠান বিৰোধী চিৰাচৰিত ঘটনা হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো ৰাজনৈতিক নেতাই ইমান আত্মবিশ্বাসী হ’ব নোৱাৰে।’































