PranabDoley: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ভূমি আৰু মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত অসমৰ লগতে বিশ্বৰ আন প্রান্ততো প্রতিবাদ সাব্যস্ত কৰা হৈছে। কালি বোকাখাতত অনুষ্ঠিত দিনজোৰা ধৰ্মঘট অৱস্থানস্থলীৰ পৰাই আৰক্ষীয়ে গীতা গোৱালাসহ মুঠ ১০ গৰাকী প্রতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায়।
অৱস্থান ধৰ্মঘটৰ মাজতে আৰক্ষীয়ে এইদৰে প্রতিবাদকাৰীক আটক কৰাত উত্তেজনা পৰিস্থিতিৰ সৃষ্টি হয়। প্রতিবাদকাৰীয়ে আৰক্ষীক উভতি ধৰে। প্ৰণৱ দলে মুক্তি সমিতি, বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি আৰু কৃষক সভা অসমৰ আহ্বানত অনুষ্ঠিত এই অৱস্থান ধৰ্মঘটত দলেৰ মুক্তিৰ লগতে খিলঞ্জীয়া কৃষক-শ্রমিক পৰিয়ালৰ ভূমি সুৰক্ষাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
উল্লেখ্য যে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ মুখ্য আহ্বায়ক দলে বৰ্তমান কাৰাবন্দী হৈ আছে। তেওঁৰ মুক্তিৰ দাবীত বিগত কে’বাদিন ধৰি বোকাখাতত বিভিন্ন প্রতিবাদী কার্যসূচী অনুষ্ঠিত কৰা হৈছে। কৃষক ভূমি আৰু মানৱ অধিকাৰ কৰ্মী দলেৰ মুক্তি আৰু কাজিৰঙাৰ আদিবাসী লোকসকলৰ ন্যায়ৰ দাবীত অসমৰ বাহিৰতো প্রতিবাদ হৈছে।
কেনিয়াত সাতখন মহাদেশৰ ২৬ টা খিলঞ্জীয়া জনগোষ্ঠীয়ে ঐক্যবদ্ধ হৈ প্রতিবাদ কৰে। হায়াট হোটেল বন্ধ কৰক, মিচিং জনগোষ্ঠীৰ প্ৰণৱ দলেক মোকলাই দিয়ক আদি দাবী সম্বলিত বেনাৰ-প’ষ্টাৰ লৈ কেনিয়াত সাব্যস্ত কৰাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে।
কাজিৰঙাৰ খিলঞ্জীয়া লোকৰ ভূমিত হায়াট হোটেল, জুনিপাৰ হোটেল নির্মাণ বন্ধ কৰক আদি দাবী সম্বলিত প্লেকার্ড লৈ শ্ল’গান দিয়ে কেনিয়াৰ প্রতিবাদকাৰীসকলে। ‘আমাৰ খিলঞ্জীয়া নেতা প্রণর দলেক মুক্তি দিয়ক’, ‘আমাৰ মিচিং নেতা প্রণর দলেক মুক্তি দিয়ক’, ‘হায়াট হোটেল নির্মাণ বন্ধ কৰক’ আদি শ্ল’গান দিয়ে প্রতিবাদকাৰীসকলে।
একেদৰে আমেৰিকাতো বুধবাৰে দলেৰ মুক্তিৰ দাবীত হাতে হাতে প্লে’কার্ড লৈ সমদল কৰে। গঁড় ৰক্ষা কৰক, প্ৰণৱ দলেক মুক্তি দিয়ক, বন্যপ্রাণী সুৰক্ষিত কৰক আদি বিভিন্ন শ্ল’গান সম্বলিত প্লে’কার্ড হাতত লৈ সমদল কৰে প্ৰতিবাদকাৰীসকলে। প্রতিবাদীসকলে এইসমূহ শ্ল’গানো দিয়ে।
উল্লেখ্য যে আমেৰিকাৰ এৰিজোনা বিশ্ববিদ্যালয়ৰ জেমছ ই ৰজাৰ্ছ কলেজ অব ল’ৰ ইণ্ডিজেনাছ ৰাইটছ এণ্ড প্রটেক্টেড এৰিয়াৰ্জ ইনিচিয়েটিভ-এ দলেৰ গ্ৰেপ্তাৰক গৰিহণা দিছে। বিশ্ববিদ্যালয়খনৰ আইপিএলপিৰ এডভাইজৰী কাউন্সিলৰ সদস্যই দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী জনায়। উল্লেখ্য যে দলে হৈছে বিশ্ববিদ্যালয়ৰ ইণ্ডিজেনাছ পিপ’লছ ল’ এণ্ড পলিচী প্রগ্রাম (আইপিএলপি)ৰ পৰামৰ্শদাতা পৰিষদৰ সদস্য।
এৰিজোনা বিশ্ববিদ্যালয়ৰ জেমছ ই ৰজাৰ্ছ কলেজ অব ল’ৰ ইণ্ডিজেনাছ ৰাইটছ এণ্ড প্রটেক্টেড এৰিয়াৰ্জ ইনিচিয়েটিভ-এ দলেৰ মত প্ৰকাশৰ স্বাধীনতা, শান্তিপূর্ণ সমাবেশ আৰু আদিবাসী অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা আৰু তেওঁৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়াৰ স্বতন্ত্রভাৱে পর্যালোচনাৰ আহ্বান জনায়।
ইয়াৰ উপৰি আমেৰিকাৰ মানৱ অধিকাৰ কাৰ্যসূচীৰ স’তে জড়িত থকা শিক্ষাবিদৰ গোটেও বিগত জুলাইত দলেৰ মুক্তিৰ দাবী জনায়। একে সময়তে ৰাষ্ট্ৰসংঘৰ কে’বাগৰাকী বিশেষজ্ঞয়ো এই ক্ষেত্রত উদ্বেগ প্রকাশ কৰে। ইয়াৰ মাজতে কালি একাংশ মানৱ অধিকাৰ কৰ্মীয়ে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আৰু কেনিয়াতো প্রতিবাদী কাৰ্যসূচী গ্ৰহণৰ পৰিপ্ৰেক্ষিতত দলেৰ মুক্তিৰ দাবী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বিস্তৃত হৈছে।































