VladimirPutin: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সম্পৰ্ক সদায়েই বন্ধুত্বপূৰ্ণ। বিগত কেইবছৰমানত দুয়োগৰাকী নেতাৰ মাজৰ ঘনিষ্ঠতা অধিক বৃদ্ধি পাইছে। এইবাৰ সেই ‘বন্ধু’ ভাৰতে গ্ৰহণ কৰা নিৰপেক্ষ স্থিতিক লৈ মুখ খুলিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। প্ৰশংসাৰে ওপচাই দিলে মোদীক।
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ভাৰতে সদায় নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি আহিছে। মস্কোৰ স’তে ঘনিষ্ঠতা বৃদ্ধি পালেও সংঘাতৰ প্ৰশ্নত নতুন দিল্লীয়ে কেতিয়াও কোনো এটা পক্ষক সমৰ্থন জনোৱা নাই। ভাৰতৰ এই স্থিতিক ৰাছিয়াই সন্মান কৰে বুলি স্পষ্ট কৰিলে পুটিনে। একে সময়তে শান্তি স্থাপনৰ ক্ষেত্ৰত মোদীৰ প্ৰচেষ্টা আৰু চিন্তাধাৰা যথেষ্ট গ্ৰহণযোগ্য বুলিও তেওঁ মন্তব্য কৰে।
মস্কোত ভালদাই ফ’ৰাম অৱ ইণ্টাৰনেশ্যনেল ৰাছিয়া এক্সপাৰ্টৰ মঞ্চত ভাষণ দি পুটিনে মোদীৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়, “নৰেন্দ্ৰ মোদী সেই ৰাষ্ট্ৰনেতাসকলৰ মাজৰ এজন, যাৰ স’তে আমাৰ অতি ভাল আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, মোৰ স’তে ব্যক্তিগতভাৱেও সুসম্পৰ্ক আছে। তথাপি তেওঁ বাৰে বাৰে ইউক্ৰেইনৰ স’তে সংঘাত বন্ধ কৰাৰ বিষয়ত কথা কয় আৰু এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।”
পুটিনে লগতে কয়, “সকলো পক্ষৰ বাবে গ্ৰহণযোগ্য সমাধানৰ পথ বিচৰাৰ ক্ষেত্ৰত মোদীৰ গভীৰ আগ্ৰহ আছে। এই বিষয়ত তেওঁৰ চিন্তাধাৰাও যথেষ্ট ভাল। স্বাভাৱিকভাৱেই তেওঁ নিৰপেক্ষ স্থিতি গ্ৰহণ কৰে আৰু সংঘাত বন্ধ কৰাৰ চেষ্টা কৰে। মোৰ এনে লাগে যে এই কথা স্পষ্টকৈ কোৱাটো মোৰ কৰ্তব্য। আমি মোদীৰ ওচৰত তেওঁৰ চিন্তাধাৰাৰ বাবে কৃতজ্ঞ।”
উল্লেখ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ স’তে ৰাছিয়া নতুনকৈ যুদ্ধত জড়িত হোৱাৰ পাছত পশ্চিমীয়া দেশসমূহে মস্কোৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই সময়ত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিছিল। আমেৰিকাই এই বিষয়ত বাৰে বাৰে অসন্তুষ্টি প্ৰকাশ কৰিছিল।
আমেৰিকাৰ দাবী আছিল, ভাৰতে তেল ক্ৰয় কৰাৰ বাবেই ৰাছিয়াই ইউক্ৰেইনৰ স’তে যুদ্ধ অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। তেওঁলোকৰ অভিযোগ আছিল, পৰোক্ষভাৱে নতুন দিল্লীয়েই যুদ্ধৰ ৰসদ যোগান ধৰিছে। এই অভিযোগ উত্থাপন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰতো উচ্চ হাৰত শুল্ক আৰোপ কৰিছিল।
কিন্তু মোদী চৰকাৰে বাৰে বাৰে নিজৰ স্থিতি স্পষ্ট কৰি আহিছে। কোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যৰ কথা মনত ৰাখিয়েই ভাৰতে বাণিজ্যিক নীতি নিৰ্ধাৰণ কৰে। আগন্তুক দিনতো এই নীতি অব্যাহত থাকিব বুলি কোৱা হৈছে।
যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা মোদী আৰু পুটিনৰ মাজত কেইবাবাৰো বৈঠক অনুষ্ঠিত হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতেও সাক্ষাৎ কৰিছিল। প্ৰতিবাৰেই আলোচনা আৰু কূটনৈতিক বাৰ্তালাপৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান জনাই আহিছে তেওঁ।
কিছুদিন পূৰ্বে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পুটিন ভাৰতলৈ আহিছিল। তেওঁৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকতো মোদীয়ে যুদ্ধ বন্ধ কৰাৰ পক্ষত মত প্ৰকাশ কৰিছিল।































