দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চৰকাৰী আঁচনি আৰু অনুদানৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি গড়মাৰা গাঁৱৰ নমাটিপাৰা ৰাজহুৱা নামঘৰত স্থানীয় ৰাইজে একতা আৰু স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে। দীর্ঘদিন ধৰি জনপ্রতিনিধি তথা প্রশাসনৰ পৰা প্ৰয়োজনীয় সহযোগিতা নোপোৱাৰ অভিযোগ তুলি অৱশেষত ৰাইজে নিজা বৰঙণি আৰু শ্রমদানেৰে নামঘৰটোৰ ফ্ল’ৰ ঢালাইৰ কাম সম্পূর্ণ কৰে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, এয়া প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও কোনো চৰকাৰী সাহায্য নোপোৱাকৈ গাঁৱৰ প্ৰতিটো পৰিয়ালে নিজা বৰঙণি আগবঢ়াই নামঘৰটোৰ পকীকৰণৰ কাম সম্পূর্ণ কৰিছিল।
ইয়াৰ উপৰি নামঘৰটোৰ সুৰক্ষা আৰু সৌন্দর্যবর্ধনৰ বাবে প্রয়োজনীয় গ্রীল লগোৱাৰ কামো ৰাইজৰ নিজা প্রচেষ্টাত সম্পন্ন কৰা হৈছিল। ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰী বিভাগ তথা জনপ্রতিনিধিৰ পৰা আশানুরূপ সহযোগিতা নোপোৱাৰ বাবেই নিজৰ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানটোৰ উন্নয়নৰ বাবে গাঁওবাসীয়ে ঐক্যবদ্ধভারে শ্রমদান কৰিবলৈ আগবাঢ়ি আহিবলগীয়া হৈছে।
নমাটিপাৰাৰ ৰাইজৰ অভিযোগ, প্রতিটো নির্বাচনতে তেওঁলোকে সচেতন নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰি জনপ্রতিনিধি নির্বাচিত কৰি আহিছে। কিন্তু নির্বাচনত জয়ী হৈ আসনত বহাৰ পিছত প্রতিনিধিসকলে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ লগতে সামাজিক-ধর্মীয় অনুষ্ঠানসমূহৰ উন্নয়নৰ প্ৰতিও গুৰুত্ব নিদিয়ে বুলি ৰাইজে অভিযোগ কৰে।
অঞ্চলবাসীয়ে অভিযোগ কৰা মতে, বৰ্তমানৰ বিপিএফ বিধায়ক মনেশ্বৰ ব্ৰহ্ম আৰু বাগানপাৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ ৰেখাৰাণী দাস বড়োৱেও নমাটিপাৰাৰ এই ৰাজহুৱা নামঘৰটোৰ উন্নয়নৰ বাবে আজিলৈকে কোনো উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা নাই। চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ আৰু আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰত জনপ্রতিনিধিসকলে উদাসীনতা প্ৰদৰ্শন কৰা বুলিও ৰাইজে অভিযোগ কৰে।
ৰাইজৰ ভাষ্য, ‘নিৰ্বাচনৰ সময়ত প্রতিশ্রুতিৰ বন্যা বোৱাই দিয়া নেতাসকলে জিকাৰ পাছত ৰাইজৰ মৌলিক প্রয়োজনসমূহো পাহৰি যায়।’ ইপিনে, চৰকাৰী সহযোগিতাৰ অভাৱৰ মাজতো ৰাইজে নিজা উদ্যোগত শ্রমদান কৰি নামঘৰৰ ফ্ল’ৰ ঢালাইৰ কাম সম্পূৰ্ণ কৰা কাৰ্যক বিভিন্নজনে প্রশংসা কৰিছে।































