ScienceEducation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ধুমুহাৰ গতিত প্রশাসন চলাৰ দাবী কৰা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত আঠ বছৰতো কাৰ্যকৰী নহ’ল অনুমোদনপ্রাপ্ত মহাবিদ্যালয়ৰ অধিকাংশতে বিজ্ঞান শিক্ষা পাঠ্যক্রম। অথচ প্রতিখন মহাবিদ্যালয়ৰ বিপৰীতে আন্তঃগাঁথনি নিৰ্মাণ পুঁজিও অনুমোদন দিয়া হৈছিল।
তাৰ পাছতো সংশ্লিষ্ট মহাবিদ্যালয়বোৰক চৰকাৰৰ শিক্ষা বিভাগ তথা উচ্চ শিক্ষা বিভাগে বছৰ বছৰ ধৰি অৱজ্ঞা কৰি ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনা কৰা বুলিয়েই আলোচনা চলিছে। উল্লেখ্য যে ৰাজ্যৰ বহু মহাবিদ্যালয়ত বিজ্ঞান শাখা নাই। তেনে বহু মহাবিদ্যালয়ে বিজ্ঞান শাখা খোলাৰ আৰ্জি উচ্চ শিক্ষা বিভাগত বছৰ বছৰ ধৰি দাখিল কৰি আহিছে।
অৱশেষত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী থকা সময়ত বিগত ২০১৮ত কেবিনেট বৈঠকৰ জৰিয়তে বিভিন্ন জিলাৰ নিৰ্বাচিত ৫০খন মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ পাছতে উচ্চ শিক্ষা বিভাগে এই সন্দর্ভত নিয়ম অনুসৰি জাননী জাৰি কৰে।
সমান্তৰালভাৱে বিজ্ঞান শিক্ষাৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰতিখন মহাবিদ্যালয়ৰ বিপৰীতে ১০ লাখ টকাকৈ আবণ্টনো দিয়া হয়।
উল্লেখ্য যে বিজ্ঞান শাখা স্থাপনৰ সিদ্ধান্ত গ্রহণৰ পূৰ্বে সংশ্লিষ্ট মহাবিদ্যালয়বোৰৰ পৰা দাখিল কৰা প্ৰস্তাৱৰ বিতং পর্যালোচনা কৰা হয়। তাৰ ভিত্তিত আটাইতকৈ উপযুক্ত বুলি বিবেচিত কেইখনক প্ৰথম পৰ্যায়ৰ তালিকাত অন্তর্ভুক্ত কৰি কেবিনেট সিদ্ধান্ত লোৱা হয়।
চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ তথ্য অনুসৰি যোৱা আঠ বছৰত ২৩খন মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰা হয়। গতিকে ২৭খনৰ কাম এতিয়াও বাকী আছে। এতিয়ালৈকে চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী নোহোৱা মহাবিদ্যালয়সমূহ হ’ল-বাপুজী মহাবিদ্যালয়, বিএইছবি মহাবিদ্যালয়, উত্তৰ কামৰূপ মহাবিদ্যালয়, কলাবাৰী মহাবিদ্যালয়, মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়, জনতা মহাবিদ্যালয়, বেংতল মহাবিদ্যালয়, বৰহাট বিপিবি মেম’ৰিয়েল কলেজ, প্রগতি মহাবিদ্যালয়, ডিডিআৰ মহাবিদ্যালয়, বিকালি মহাবিদ্যালয়, এইছবিপি গার্লছ কলেজ, এছ কে ৰয় কলেজ, হোজাই গার্লছ কলেজ, সর্বোদয়া কলেজ, ডি কে গার্লছ কলেজ, পাতিদৰং মহাবিদ্যালয়, দমদমা মহাবিদ্যালয়, শংকৰদেৱ মহাবিদ্যালয়, নর্থ বেংক কলেজ, হাতীচোং মহাবিদ্যালয়, নগাঁও জিএনডিজি কলেজ, বৰক্ষেত্ৰী মহাবিদ্যালয়, সোণাৰি বাণিজ্য মহাবিদ্যালয়, ছাউথ শালমাৰা কলেজ আৰু খৈৰাবাৰী মহাবিদ্যালয়।
এই মহাবিদ্যালয়কেইখনত কেতিয়ালৈকে চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী হ’ব সেয়া অদ্যাপি স্পষ্ট নহয়। শিক্ষাৰ দৰে বিষয়ত বছৰ বছৰ ধৰি এটা অগ্রাধিকাৰ প্ৰাপ্ত সিদ্ধান্ত কার্যকৰী নোহোৱাটোৱে শিক্ষা বিভাগটোৰ দায়বদ্ধহীনতাকে স্পষ্ট কৰিছে।































