দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বলিয়া বানে বিধ্বস্ত কৰা শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তসকলৰ বাবে এতিয়া হা-হুমুনিয়াহ কাঢ়ি সময় অতিবাহিত কৰাৰ বাহিৰে আন উপায় নোহোৱা হৈছে।
বিধ্বংসী বানত সৰ্বস্বান্ত ৰাইজে কেনেদৰে পুনৰ জীৱন আৰম্ভ কৰিব সেয়া ভাবি দিকবিদিক হেৰুওৱাৰ উপক্ৰম ঘটিছে। আশ্চর্যজনকভাৱে এই দুর্ভোগীয়াসকলক লৈ স্বয়ং মুখ্যমন্ত্ৰীয়েও ৰাজনীতিহে কৰিবলৈ লৈছে।
উল্লেখ্য যে বানে তাণ্ডৱ চলাই থকাৰ সময়তে মুখ্যমন্ত্রীয়ে বানপীড়িতসকলৰ বাবে ঘোষণা কৰা সাহায্যৰ ধন আজিও এই দুই জিলাৰ কে’বাশ বানাক্ৰান্ত পৰিয়ালে লাভ নকৰাৰ তথ্য পোহৰলৈ আহিছে। কাজেই ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি জিলা দুখনৰ মাহমৰা, ডিমৌ আৰু নাজিৰা সমষ্টিৰ সীমামূৰীয়া শিলাকুটি, গড়গাঁও, হলৌফুকন, ধোপাবৰ আদিকে ধৰি কে’বাখনো গাঁও পঞ্চায়তৰ কে’বাশ বানপীড়িত পৰিয়ালে আজি পর্যন্ত মুখ্যমন্ত্ৰীৰ ততকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ’ব নাই।
ইয়াকে লৈ ৰাইজৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দোহৰাৰ প্ৰয়োজন নাই যে যোৱা ১৯ জুলাইৰ বলিয়া বানে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন প্রান্তত তাণ্ডৱ সৃষ্টি কৰি জন-ধন-সম্পত্তিৰ বিস্তাৰ ক্ষতিসাধন কৰে।
বানাক্ৰান্ত ৰাইজক তৎকালীন ভাবে সহায়ৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই হিচাপে প্রত্যেক পৰিয়ালক ২৫০০০ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰে প্ৰথম কিস্তি হিচাপে ১৫ হেজাৰ টকা আৰু দ্বিতীয় কিস্তি হিচাপে ১০ হেজাৰ টকা নির্দিষ্ট বেংক একাউণ্টত সোমোৱাই দিব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল।
দুর্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰীৰ এই ঘোষণা ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে।স্বচক্ষে প্রত্যক্ষ নকৰিলে কল্পনাও কৰিব নোৱৰা, কাহানিও মুচিব নোৱৰা দুর্দশাৰ ছবিখন বুকুত বান্ধি জীৱনটো ক’ৰপৰা আৰম্ভ কৰিব তাকলৈ বহুতেই দিবিদিত হেৰুৱাই পেলাইছে।
এনে পৰিস্থিতিত বিশেষকৈ বানে ধোৱা ৰাইজক মুখ্যমন্ত্রী এই আর্থিক সাহার্যই কিছুমান হ’লেও সকাহ দিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে একাংশ বানপীড়িতই প্রথম কিস্তিৰ ১৫ হেজাৰ টকা বেংক যোগে লাভ কৰাৰ বিপৰীত ৰহস্যজনকভাৱে শ শ বন্যার্তই বর্তমানেও এই ধন লাভকৰিবলৈ সক্ষম হোৱা নাই। বানাক্ৰান্তৰ তালিকা সংশ্লিষ্ট কর্তৃপক্ষই সংগ্ৰহ কৰাৰ পাছতো এগৰাকীয়ে পোৱা আন এগৰাকী বঞ্চিত হোৱাৰ বিষয়টোৱে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অৱশ্যে শেহতীয়াকৈ একাংশ বানাক্রান্ত লোকক চেক যোগে প্রথম কিস্তিৰ ১৫ হেজাৰ প্ৰদান কৰিছে যদিও বর্তমানলৈকে শ শ বানাক্রান্ত লোকে চেক লাভ কৰা নাই। পোহৰলৈ অহা তথ্য অনুসৰি শিৱসাগৰ-চৰাইদেউ জিলাৰ অন্তৰ্গত ৰামু গাঁৱৰ ছগৰাকী, মৰাণ গাঁৱৰ ১৬, মাউত গাঁৱৰ ৮০, অভয়াপুৰী – লোণপুৰীয়াৰ ৪১, ভূতৰবাৰীৰ ৭০, পানীবিলৰ ৮১, মহন দেউধাইৰ ১৫, টিপমীয়া-দিহিংগীয়া কোঁৱৰ গাঁৱৰ ১৩০ গৰাকীকে ধৰি শিলাকুটি এক নম্বৰ কোঁৱৰ, শিলাকুটি ভকত-ভাজনি, দীঘলপাচি, ঘোঁৰাচোৱা, ৰজাবাৰী, লাকুৱা চাহ বাগিচা, গড়গাঁও, দেখুৱাই গাঁও, খনিকৰ গাঁও, বেংমূৰীয়া, টিপমীয়া, বিহুবৰ, চন্টক আদি অঞ্চলৰ কে’বাশ বানাক্ৰান্ত ৰাইজে মুখ্যমন্ত্ৰীৰ তৎকালীন সাহায্যৰ ধনৰ নামত ফুটা কড়ি এটাও বর্তমানেও লাভ কৰা নাই।
ইপিনে, এক নিৰ্ভৰযোগ্য সূত্রে জানিব পৰা মতে, জিলা আয়ুক্তৰ কাৰ্যালয়ত যাৱতীয় কাম কাজ সম্পূৰ্ণ হোৱাৰ পাছতো ৰহস্যজনকভাৱে চেক প্রদান কৰা নাই। জিলা আয়ুক্তৰ মইমতালি বাবে শ শ বানাক্রান্ত লোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে। লক্ষ্যণীয়ভাৱে ৰাইজৰ এই দুর্দশাৰ পাছতো শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বাহিৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আন সমষ্টিৰ বিধায়ক-মন্ত্ৰীয়ে চকু মুদা কুলিৰ ভাও ধৰা বুলিও চর্চা হৈছে।






























