GovernmentLand : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মহানগৰীৰ বি বৰুৱা কলেজৰ গাতে লাগি থকা মুচি সম্প্ৰদায়ৰ কল্যাণার্থে আবণ্টিত চৰকাৰী সাত বিঘাৰো অধিক ভূমি বেদখলৰ কবলত পৰাৰ তথ্য পোহৰলৈ আহিছে। একাংশ সমাজবিৰোধী লোকে অবাধে বেদখল কৰা এই ভূমি পুনৰুদ্ধাৰ কৰি বি বৰুৱা কলেজৰ কামত ব্যৱহাৰৰ বাবে পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন হৈছে।
২০১৮তে বি বৰুৱা কলেজৰ অধ্যক্ষই এই সংক্রান্তীয় আবেদন তদানীন্তন মুখ্যমন্ত্রীক দাখিল কৰে। তাৰ পাছতে প্ৰক্ৰিয়াটো কিছু আগবাঢ়ে। স্থানীয় মুচি সম্প্ৰদায়ৰ লোকেও এই ভূমি পুনৰুদ্ধাৰ কৰি বি বৰুৱা কলেজৰ দ্বাৰা ব্যৱহাৰ হোৱাটো কামনা কৰিছে।
এই সংক্রান্তীয় পদক্ষেপ গ্রহণ কৰিবলৈ স্থানীয় দিনেশ দাসে জিলা আয়ুক্তকো আবেদন জনাইছে। দাসে কয় যে ৭০-৮০ বছৰ পূৰ্বে তদানীন্তন গোপীনাথ বৰদলৈ চৰকাৰে ৰবিদাস (মুচি) সম্প্ৰদায়ৰ উন্নয়ন কেন্দ্ৰ আৰু সমাধিস্থল নিৰ্মাণৰ বাবে উলুবাৰী মৌজাৰ নিউ টাউন চহৰ শৰণীয়া গাঁৱৰ চৰকাৰী পট্টাৰ সাত বিঘা একঠা সাত লেচা ভূমি আবণ্টন জনায়।
২১৪০, ২০৪১, ২১৪২ আৰু ২১৪৫ দাগৰ এই ভূমি বি বৰুৱা কলেজ, শৰণীয়া কবৰস্থান (ইছলামপুৰ), ইস্কন মন্দিৰ, কৈলাশ বণিয়া আৰু পৱন আগৰৱালাৰ ভূমিয়ে আগৰি আছে। এই ভূমিলৈ বি বৰুৱা কলেজ পথৰ পৰা প্ৰৱেশ কৰিব পাৰি।
এই চৰকাৰী ভূমিৰ অংশ একাংশ সমাজবিৰোধী আৰু অকর্তৃত্বশীল ব্যক্তিয়ে অবাধে বেদখল কৰিছে বুলি দাসে জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে। এনেদৰে এই ভূমি বেদখলৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত এই ভূমি পুনৰুদ্ধাৰ কৰি তেওঁ সমাজৰ বৃহত্তৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ পোষকতা কৰিছে।
দাসে আঙুলিয়াই দিছে যে এই ভূমিত বি বৰুৱা কলেজৰ অধীনত এখন বাণিজ্য আৰু আইন মহাবিদ্যালয় স্থাপন কৰিব পাৰি। ইয়াৰ দ্বাৰা বেদখলীকৃত ভূমি উদ্ধাৰ হোৱাৰ সমান্তৰালভাৱে এই ভূমি অসম তথা উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীৰ কল্যাণাৰ্থত ব্যৱহাৰ হ’ব।
উল্লেখ্য যে বেদখলৰ কবলত পৰা এই ভূমি পুনৰুদ্ধাৰৰ জৰিয়তে সদ্ব্যৱহাৰৰ পোষকতা কৰি ২০১৮ৰ পৰাই বি বৰুৱা কলেজ কর্তৃপক্ষই চৰকাৰৰ ওচৰত আবেদন-নিবেদন জনাই আহিছে। ২০১৮ৰ জুনত কলেজৰ অধ্যক্ষই এই অনুৰোধেৰে তদানীন্তন মুখ্যমন্ত্রীক এক আবেদনো জনায়। ইয়াৰ ভিত্তিত প্রক্রিয়াটো কিছু আগো বাঢ়ে।
উক্ত বছৰৰ ২৭জুনত মুখ্যমন্ত্রী সচিবালয়ে ৰাজহ বিভাগৰ অতিৰিক্ত সচিবলৈ বিষয়টোক লৈ পদক্ষেপ গ্ৰহণৰ বাবে এক পত্ৰ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত উক্ত বছৰৰ ২৭ আগষ্টত ৰাজহ বিভাগে বিষয়টোক লৈ পদক্ষেপ গ্ৰহণৰ বাবে এক বিশদ প্রতিবেদন বিচাৰি কামৰূপ মহানগৰীৰ জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰে।
সেই অনুসৰি, জিলা আয়ুক্ত কার্যালয়ে বিষয়টোক লৈ অনুসন্ধান কৰিবলৈ গুৱাহাটী ৰাজহ চক্র বিষয়ালৈ নিৰ্দেশ জাৰি কৰে। পাছত ২০২১ৰ ১৪ ডিচেম্বৰত ভূমিৰ আবণ্টন বিচাৰি জিলা আয়ুক্তক আবেদন দাখিল কৰে বি বৰুৱা কলেজৰ অধ্যক্ষ ড° সত্যেন্দ্র নাথ বর্মনে।
আনহাতে, ক্রমে বেদখলৰ কবলত পৰা এই ভূমি পুনৰুদ্ধাৰৰ ব্যৱস্থা নকৰিলে হেৰাই যোৱাৰ আশংকা কৰিছে স্থানীয় লোকে। গতিকে এই ক্ষেত্ৰত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে স্থানীয় ৰাইজে। একাংশই আঙুলিয়াই দিছে যে চৰকাৰে একালত গুৱাহাটীৰ গোপীনাথ নগৰৰ মহেন্দ্ৰ নগৰত ৰবিদাস (হৰিজন) সম্প্ৰদায়ৰ বাবে স্কুল আৰু মন্দিৰ স্থাপনৰ বাবে অনুমোদন জনোৱা চাৰি বিঘা ভূমি সঠিক সময়ত চৰকাৰী হস্তক্ষেপৰ অভাৱত হেৰাই গ’ল।
এনে পৰিস্থিতিৰ পুনৰাবৃত্তি যাতে বি বৰুৱা কলেজৰ ওচৰৰ এই ভূমিৰ ক্ষেত্ৰত নঘটে তাৰ বাবে সময় থাকোতে চৰকাৰে ব্যৱস্থা গ্রহণ কৰাৰ পোষকতা কৰিছে স্থানীয় লোকে






























