GyaneshKumar : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মঙলবাৰে পথলৈ ওলাই আহিল ইণ্ডিয়া জোঁটৰ বিৰোধী দলসমূহ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী মিছিলত কেবাগৰাকীও সাংসদে অংশগ্ৰহণ কৰে।
মিছিলত তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বন্দ্যোপাধ্যায়ো উপস্থিত থাকে। পৰৱৰ্তী সময়ত বিৰোধী সাংসদসকলে ধৰ্ণাত বহে।
অৱশ্যে আজিৰ এই বিৰোধীৰ মিছিলত ডিএমকে আৰু আম আদমি পাৰ্টিৰ কোনো প্ৰতিনিধিক দেখা নগ’ল। আনহাতে, বৈঠকত উপস্থিত নাথাকিলেও মিছিলেৰে অংশগ্ৰহণ কৰে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে।
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছে। মুম্বাইতো ককৰোচ জনতা পাৰ্টিৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল। দলীয় পতাকা আঁতৰাই আমজনতাৰ মিছিলেৰে একেলগে খোজ মিলাইছিল উদ্ধৱ ঠাকৰে আৰু ৰাজ ঠাকৰে। ইয়াৰ পাছত এইবাৰ দেশৰ বিৰোধী দলসমূহো একত্ৰিত হৈ পথলৈ ওলাই আহে।
মঙলবাৰৰ কাৰ্যসূচী কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হয়। ৰাহুল গান্ধীৰ উপৰি প্ৰিয়ংকা গান্ধী আৰু জয়ৰাম ৰমেশৰ দৰে নেতাসকলেও মিছিলত অংশগ্ৰহণ কৰে। সংসদৰ মকৰ দ্বাৰৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ মিছিল যোৱাৰ কথা আছিল।
কিন্তু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰতেই মিছিলটো বাধা দিয়া হয়। ইয়াৰ পিছতে সমাজবাদী পাৰ্টিৰ সাংসদসকলে বেৰিকেডত উঠি প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যাব নোৱাৰি ৰাহুল গান্ধীসহ বিৰোধী সাংসদসকলে নীতি আয়োগৰ সন্মুখত ধৰনাত বহে। কেইবাগৰাকীও সাংসদে ধৰনা আৰম্ভ কৰাৰ লগতে একাংশক বেৰিকেডৰ ওপৰত বহি থকা দেখা যায়। পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়েও বেৰিকেডত উঠি বহে আৰু তাত ত্ৰিৰংগা উৰুৱাই থকা দেখা যায়।
আজিৰ এই ধৰ্ণাত অভিষেক বন্দ্যোপাধ্যায়ৰ উপৰি ৰাজ্যসভাৰ দুগৰাকী তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰায়েন আৰু ৰাজীৱ কুমাৰো উপস্থিত থাকে। প্ৰতিবাদস্থলীত ব্যাপক নিৰাপত্তা ব্যৱস্থা কৰা হয়। আৰক্ষীৰ লগতে আধাসামৰিক বাহিনীও মোতায়েন কৰাৰ কথা জানিব পৰা যায়।
মিছিল চলি থকাৰ সময়তে বিৰোধী সাংসদসকলে ‘ভোট চোৰ, গদি ছোড়’ শ্লোগান দিয়ে। ইয়াৰ পিছতে অভিষেক বন্দ্যোপাধ্যায়ৰ এটা পুৰণি বক্তব্যক লৈও চৰ্চা আৰম্ভ হয়। সেই সময়ত ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগক লৈ সৰৱ হৈ থকাৰ বিপৰীতে অভিষেকে ভোট চুৰি সংঘটিত হৈ থাকিলে তাৰ প্ৰমাণ দিয়া উচিত বুলি মন্তব্য কৰিছিল।
কিন্তু এইবাৰ সেই অভিষেক বন্দ্যোপাধ্যায়েই বাংলা সহ বিভিন্ন ৰাজ্যত ভোট চুৰি হোৱা বুলি অভিযোগ কৰে। তেওঁৰ দাবী, এছআইআৰৰ জৰিয়তে ভোটাধিকাৰ কাঢ়ি লোৱা হৈছে। ইয়াৰ ফলত, যি মমতা বন্দ্যোপাধ্যায়ৰ দলটোৱে এসময়ত কংগ্ৰেছক কটাক্ষ কৰিছিল, সেই দলটোৱেই এতিয়া কংগ্ৰেছৰ সৈতে একেলগে প্ৰতিবাদত নামিছে।































