SupremeCourtOfIndia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়। বৰ্তমান চলি থকা প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰভাৱত শীৰ্ষ আদালতৰ কাম-কাজ যাতে ব্যাহত নহয়, সেই কথা নিশ্চিত কৰাৰ আহ্বান জনাই সোমবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে (CJI Surya Kant)।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১০ অক্টোবৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত কেইবাগৰাকীও অধিবক্তাক আটক কৰা হৈছিল। এই সন্দৰ্ভত শীৰ্ষ আদালতত এখন আবেদন দাখিল কৰা হৈছে। সেই আবেদনৰ শুনানিৰ সময়তে এই মন্তব্য কৰে মুখ্য ন্যায়াধীশে।
অধিবক্তাসকলৰ ধৰপাকড়ৰ সন্দৰ্ভত দাখিল কৰা আবেদনখনৰ শুনানি মঙলবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে গ্ৰহণ কৰিব। অৱশ্যে সোমবাৰে এই বিষয়ত মুখ্য ন্যায়াধীশে কয়, “আদালতৰ কাম-কাজত কোনো ধৰণৰ বাধা আহিব নালাগে। অধিবক্তা, কেৰাণী, আদালতৰ কৰ্মচাৰী আৰু আবেদনকাৰীসকলৰ চলাচলত যাতে ব্যাঘাত নজন্মে।”
একে সময়তে মুখ্য ন্যায়াধীশে স্মৰণ কৰাই দিয়ে যে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত আদালতৰ কোনো আপত্তি নাই। তেওঁৰ ভাষাত, “বাৰ কাউন্সিলৰ প্ৰতিগৰাকী সদস্যই প্ৰতিবাদত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু সেয়া আদালত চৌহদত হ’ব নোৱাৰে। প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত স্থানলৈ যাব লাগিব।”
মুখ্য ন্যায়াধীশে লগতে কয়, “প্ৰতিবাদকাৰীসকলৰ প্ৰতি মোৰ অনুৰোধ, আদালতক যাতে ৰাজনীতিৰ মাজলৈ টানি অনা নহয়।”
উল্লেখ্য যে মুখ্য ন্যায়াধীশৰ স’তে সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদানৰ উদ্দেশ্যে সোমবাৰে উচ্চতম ন্যায়ালয় অভিযানৰ আহ্বান জনাইছিল ইণ্ডিয়া মিত্ৰজোঁটে। ‘ভোট চুৰি’, এছ আই আৰ বন্ধ কৰা আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুখ্য ন্যায়াধীশক স্মাৰক-পত্ৰ প্ৰদান কৰাই আছিল এই কাৰ্যসূচীৰ উদ্দেশ্য। কিন্তু দেওবাৰে নিশাই সেই আবেদন নাকচ কৰা হয়।
মুখ্য ন্যায়াধীশে জনাইছিল যে কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি দলৰ স’তে প্ৰশাসনিক পৰ্যায়ত এনেদৰে সাক্ষাৎ কৰাৰ এক্তিয়াৰ আদালতৰ নাই। আদালতৰ মূল কাম হৈছে আবেদনসমূহৰ শুনানি গ্ৰহণ কৰা আৰু ৰায় প্ৰদান কৰা। উচ্চতম ন্যায়ালয়ৰ দুৱাৰ সকলোৰে বাবে ২৪ ঘণ্টাই খোলা। প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ আদালত প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰিছিল।
সেই অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিবলৈ আগবাঢ়িছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। দুপৰীয়া তিনি বজাত তেওঁ গোচৰ ৰুজু কৰিব। ইয়াৰ উপৰি সোমবাৰে দুপৰীয়া ১.৩০ বজাত কন’ট প্লেচ আৰু বাৰাখাম্বা ৰোডৰ সংযোগস্থলীত সমবেত হ’ব বিৰোধী নেতাসকল।
ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অখিলেশ যাদৱ, তেজস্বী যাদৱ, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত আৰম্ভ হ’ব পদযাত্ৰা। ইণ্ডিয়া গে’টৰ পৰা উচ্চতম ন্যায়ালয়লৈ উলিওৱা এই পদযাত্ৰাৰ নাম দিয়া হৈছে ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’। মুখ্য ন্যায়াধীশে সাক্ষাৎ নকৰিলেও এই অভিযান অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে আবেদন দাখিল কৰা হ’ব।
































