HydropowerProject : পৰা দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ২৩ লাখ ৪০ হেজাৰৰো অধিক মূল্যবান গছ কাটি অৰুণাচল প্ৰদেশৰ কমলা নৈৰ বুকুত বৃহৎ বান্ধ নিৰ্মাণ কৰিবলৈ তৎপৰ হৈছে চৰকাৰী জলবিদ্যুৎ উৎপাদনকাৰী সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি
নিগম (এনএইছ পিচি)।
অৰুণাচল প্রদেশত শেহতীয়াভাবে বান্ধবিৰোধী প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ মাজতে সোৱণশিৰি নৈৰ উত্তৰ দিশৰ সুঁতি কমলা নদীত ১,৭২০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ প্ৰস্তাৱিত প্রকল্প বাস্তৱায়িত কৰিবলৈ এই নামনি হিমালয় অঞ্চলত ৩,২৭৭হেক্টৰ উচ্চ সংৰক্ষিত বনাঞ্চলক সংৰক্ষণমুক্ত কৰিবলৈ আবেদন জনাইছে সংস্থাটোৱে।
ইয়াকে লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ পৰিৱেশ মন্ত্রণালয়ৰ পৰা এই অনুমোদন লাভ কৰিলে এনএইছপিচিয়ে ২৩.৪ লাখ ডাল গছ সমূলাঞ্চে নিশ্চিহ্ন কৰিব। এনএইছপিচিৰ নথি অনুসৰিয়ে যদি ক্রা দাদি, কুৰুঙ কুমেই আৰু কামলে জিলাৰ বনাঞ্চল সংৰক্ষণমুক্ত কৰাৰ আবেদন গৃহীত হ’লে ২৩,৪০,২১৩ ডাল গছ অৰুণাচলৰ বুকুৰ পৰা নোহোৱা হ’ব।
ইয়াৰ ভিতৰত ১৫.০৮৭ডাল গছ হাপুলি বনমণ্ডল আৰু ৮.৩ ডাল গছ ক্রা দাদি বন সংমণ্ডলৰ অধীনস্থ। উচ্চ সংৰক্ষিত বনাঞ্চলক মূল্যযুক্ত এই বনাঞ্চলৰ ভিতৰত ৪৩৯ হেক্টৰ অতি গভীৰ বন ভূমিৰ শ্ৰেণীযুক্ত আৰু ১,১১৯ হেক্টৰ মধ্যমীয়া গভীৰ বন ভূমি।
তথ্য অনুসৰি, এই বনাঞ্চলত ৬৯টা পৰিয়ালৰ ১৫৫টা প্ৰজাতিৰ গছ আছে। কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ৰ বন পৰামৰ্শদাতা কমিটী (এফএছচিএ) এই বিষয়টো বিবেচনা কৰিব। বনভূমিক শ্রেণীমুক্ত কৰাৰ পূৰ্ব অনুমোদন দিয়াৰ ক্ষমতাযুক্ত এফএছচিয়ে অহা ২৩ অক্টোবৰত এই প্ৰস্তাৱত বিবেচনা কৰিব।
ইপিনে, চৰকাৰী নথি অনুসৰি, অৰুণাচল প্ৰদেশৰ কে’বাখনো জিলাত এই বন ভূমি শ্ৰেণী পৰিৱৰ্তনৰ ক্ষতিপূৰণ হিচাপে ৭,০১৮ হেক্টৰ ভূমিত পুনৰ বনানীকৰণৰ প্ৰস্তাৱ দিয়া হৈছে। উল্লেখ্য যে এই কমলা জলবিদ্যুৎ প্রকল্প সোৱনশিৰি নৈৰ অৱবাহিকাৰ এক অন্যতম বৃহৎ জলবিদ্যুৎ প্রকল্প।
বন মন্ত্রণালয়ৰ পৰা যোৱা জানুৱাৰীত পৰিৱেশ সংক্রান্তীয় অনুমোদন লাভ কৰে এই প্রকল্পই। মন কৰিবলগীয়া যে শ্বিলঙস্থ পৰিৱেশ মন্ত্রণালয়ৰ মাণ্ডলিক কাৰ্যালয়ৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন প্রতিবেদনত উল্লেখ আছে যে প্রকল্পস্থলী ৰাষ্ট্ৰীয় উদ্যান বন্যপ্রাণী অভয়াৰণ্য জৈৱ-বৈচিত্র্য সংৰক্ষণ অথবা হস্তী কৰিড’ৰৰ অন্তৰ্ভুক্ত নহয়।
অৱশ্যে এই ক্ষেত্র ভিত্তিক অধ্যয়ন প্রতিবেদনত কোৱা হৈছে যে সন্দেহাতীতভাবে এই প্রকল্পই বিভিন্ন বন্যপ্ৰাণীৰ আৱাসস্থলী ধ্বংস কৰিব। তদুপৰি প্ৰকল্পৰ ফলত বৃহত্তৰ অঞ্চল জলমগ্ন হোৱাৰ ফলত এটাৰ পৰা আনটো পাৰলৈ বন্যপ্ৰাণীৰ প্ৰব্ৰজন বাধাগ্রস্ত হ’ব।
প্রতিবেদনত এই মতামত দাঙি ধৰি এক জৈৱ বৈচিত্র্য সংৰক্ষণ পৰিকল্পনাৰ প্ৰস্তুতৰ কথাও কোৱা হয়। উল্লেখ্য যে কমলা জলবিদ্যুৎ প্রকল্পৰ সম্ভাব্য ব্যয় ২৪শ কোটি বুলি কোৱা হৈছে। ইয়াৰ বাবে ২১৬ মিটাৰ উচ্চতাৰ কংক্রিটৰ বান্ধ নিৰ্মাণ কৰা হ’ব।
জলভাণ্ডাৰ অঞ্চল আৰু বান্ধৰ শীৰ্ষৰ অঞ্চলক সামৰি কমলা জলবিদ্যুৎ প্রকল্পই ২৯৬০. ৪৯ হেক্টৰ বন ভূমি গ্রাস কৰিব বুলি কোৱা হৈছে। উল্লেখ্য যে কমলা নদী উপত্যকা অঞ্চল প্রায় সম্পূৰ্ণৰূপে পাহাৰীয়া আৰু গভীৰ বন ভূমিৰে আৱৰা।১২৬ খন গাঁৱৰ ৫,৪৪০টা পৰিয়াল এই প্ৰকল্পৰ ফলত ক্ষতিগ্রস্ত হ’ব।






























