AirPollution : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ আৰব সাগৰে দীৰ্ঘদিন ধৰি মুম্বাইৰ বাবে প্ৰদূষণৰ বিৰুদ্ধে এক প্ৰাকৃতিক ঢাল হিচাপে কাম কৰি আহিছে। প্ৰতি শীতকালত উত্তৰ ভাৰতত বিয়পি পৰা বিষাক্ত বায়ুৱে যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে, সাগৰৰ পৰা অহা বতাহে সেই প্ৰদূষণ দূৰ কৰাত মুম্বাই মহানগৰীক সহায় কৰে। কিন্তু এইবাৰ পৰিস্থিতি যেন সম্পূৰ্ণ পৃথক।
‘গেছ চেম্বাৰ’ দিল্লীকো যেন চেৰ পেলাইছে মুম্বাইয়ে। কিয় সৃষ্টি হৈছে এনে পৰিস্থিতিৰ?২০২৬ চনত এই পৰ্যন্ত দ্বিতীয়বাৰৰ বাবে মুম্বাইৰ বায়ুৰ গুণমান সূচকাংক (AQI) দিল্লীতকৈ অধিক হৈছে। চলিত বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত এই সূচকাংক প্ৰায় ৪০০ৰ সীমা স্পৰ্শ কৰিছিল।
ইয়াৰ পাছত পৰিস্থিতি স্বাভাৱিক হৈছিল যদিও যোৱা সপ্তাহত ভাৰতৰ প্ৰদূষণৰ মাত্ৰাৰ হিচাপত শীৰ্ষস্থানত উপনীত হৈছিল মুম্বাই। নিৰ্মাণকাৰ্যৰ ফলত সৃষ্টি হোৱা ধূলি আৰু যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা এই প্ৰদূষণৰ ক্ষেত্ৰত দুটা ডাঙৰ কাৰক হ’লেও কেৱল এই দুটাই ইয়াৰ বাবে দায়ী নহয়। বৰঞ্চ লেহেমীয়া বতাহে প্ৰদূষিত কণাবোৰ জমা হ’বলৈ দিছে।
চুবুৰীয়া গ্ৰাম্য অঞ্চলত জাবৰ-জোথৰ জ্বলোৱা আৰু উৎসৱৰ সময়ত আতচবাজী ফুটোৱাৰ ফলত সৃষ্টি হোৱা বিষাক্ত মিশ্ৰণে বায়ু বিষাক্ত কৰি তুলিছে। বতৰ বিজ্ঞানীসকলে কৈছে যে ‘ছুপাৰ এল নিনো’ৰ প্ৰভাৱত আগন্তুক দিনত পৰিস্থিতি আৰু অধিক অৱনতি ঘটিব পাৰে।
এনে পৰিস্থিতিত বম্বে উচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছে, দিল্লীতকৈ মুম্বাই কেনেকৈ অধিক প্ৰদূষিত হ’ব পাৰে! ইফালে দিল্লীতো পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে। বিশেষকৈ দশেৰাৰ পিছদিনাৰ পৰা ৰাজধানীখনৰ বায়ুত প্ৰদূষিত কণাৰ পৰিমাণ যোৱা পাঁচ বছৰৰ দশেৰাৰ পিছৰ সময়ছোৱাৰ ভিতৰত সৰ্বাধিক হৈছে।
কঠোৰ নিষেধাজ্ঞা থকা সত্ত্বেও দিল্লীৰ একাংশ বাসিন্দাই যথাৰীতি ব্যাপকভাৱে আতচবাজী ফুটাইছে। আৰু তাৰ পৰিণতিতেই সৃষ্টি হৈছে উশাহ লোৱাত কষ্টকৰ এই পৰিৱেশ।
তথ্য অনুসৰি, দশেৰাৰ পিছদিনা দিল্লীৰ বায়ুৰ গুণমান সূচকাংক (AQI) আছিল ২৪৫। সেই সময়ছোৱাত মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক সূক্ষ্ম কণাবোৰৰ ঘনত্ব প্ৰতি ঘনমিটাৰত ৮১ মাইক্ৰ’গ্ৰামৰ পৰা সৰ্বাধিক ২১৭ মাইক্ৰ’গ্ৰামলৈকে আছিল। নিশাৰ আটাইতকৈ প্ৰদূষিত সময়ছোৱাত ইয়াৰ গড় মাত্ৰা আছিল প্ৰতি ঘনমিটাৰত ১৯১.২ মাইক্ৰ’গ্ৰাম। সমাগত দীপাৱলী।
সেই সময়ত পৰিস্থিতি আৰু অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে। যোৱা কেইবছৰমানৰ ছবিখনেও সেই আশংকাৰেই ইংগিত দিছে!






























