FlightDisruptions : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ হুথি আৰু ছৌদি আৰৱৰ মাজত সংঘাতৰ পৰিণতিত এইবাৰ আকাশী পথতো পৰিল তলা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদকে ধৰি চাৰিটা বিমানবন্দৰলৈ বিমান সেৱা বাতিল কৰিলে ইণ্ডিগ’ই। অহা ৩১ অক্টোবৰলৈকে ৰিয়াদৰ কিং ফাহদ বিমানবন্দৰত ইণ্ডিগ’ৰ কোনো বিমান অৱতৰণ নকৰে। ইয়াৰ উপৰি ছৌদি আৰৱৰ আন তিনিখন চহৰ জেদ্দা, দাম্মাম আৰু মদিনালৈও অহা ২৭ অক্টোবৰলৈকে সকলো বিমান সেৱা বাতিল কৰা হৈছে।
য়েমেনৰ সশস্ত্ৰ গোট হুথিৰ স’তে ভয়াৱহ সংঘাতত লিপ্ত হৈছে ছৌদি আৰৱ। দেশখনৰ সামৰিক আৰু অৰ্থনৈতিক অঞ্চলসমূহক লক্ষ্য কৰি ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা হৈছে। আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বিমানবন্দৰসমূহো।
যোৱা ১০ অক্টোবৰত ৰিয়াদৰ বিমানবন্দৰত হোৱা ভয়াৱহ আক্ৰমণত ১২জন লোকৰ মৃত্যু হয়। ৰেহাই পোৱা নাই দাম্মাম বিমানবন্দৰেও। যোৱা বৃহস্পতিবাৰেও পুনৰ ৰিয়াদত আক্ৰমণৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলত ভাৰতীয়সহ দুজন লোকৰ মৃত্যু হয়। আহত হয় আন বহু লোক।
এই তালিকাত আছে ভাৰতীয়, বাংলাদেশী আৰু পাকিস্তানী নাগৰিক। এটাৰ পিছত এটাকৈ সংঘটিত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিততে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিলে ভাৰতীয় বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ই।
শুকুৰবাৰে এক বিবৃতি জাৰি কৰি ইণ্ডিগ’ৰ তৰফৰ পৰা জনোৱা হৈছে যে নিৰাপত্তাজনিত কাৰণত বৰ্তমান কিছুদিনৰ বাবে, অৰ্থাৎ ৩১ অক্টোবৰলৈকে ৰিয়াদৰ কিং ফাহদ বিমানবন্দৰলৈ বিমান সেৱা বন্ধ ৰখা হ’ব।
ইয়াৰ উপৰি ২৭ অক্টোবৰলৈকে জেদ্দা, দাম্মাম আৰু মদিনালৈ বিমান সেৱা বন্ধ থাকিব। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ বিমান সেৱা আৰম্ভ কৰা হ’ব।
ইফালে, যুদ্ধৰ ফলত পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী স্থগিত ৰাখিবলৈ বাধ্য হৈছে ছৌদি আৰৱ। অহা মাহৰ প্ৰথমাৰ্ধত ৰিয়াদত ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড ডাটা ফ’ৰাম আৰু ছৌদি ষ্টেটিষ্টিকেল ফ’ৰামৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত দুয়োখন সন্মিলন বাতিল কৰা হৈছে।
ইফালে, যোৱা বৃহস্পতিবাৰে য়েমেনৰ উপকূলত হোৱা আক্ৰমণৰ পিছত ১৪জন ভাৰতীয় সন্ধানহীন হৈ আছিল। হুথিৰ তৰফৰ পৰা জনোৱা হৈছে যে তেওঁলোকক উদ্ধাৰ কৰা হৈছে। লগতে তেওঁলোক হাউথিৰ জিম্মাত সুৰক্ষিত অৱস্থাত আছে বুলিও জনোৱা হৈছে। এই আক্ৰমণৰ বাবে ছৌদি আৰৱক দোষাৰোপ কৰিছে হুথিয়ে।






























