RoadAccident : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বটদ্ৰৱাৰ ৰাইডঙীয়াৰ গংগা ধাবাৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কুমাৰ দেৱনাথ। নিহত অধ্যক্ষগৰাকীৰ ঘৰ ধিঙত।
ADVERTISEMENT
নগাঁৱৰ পৰা ধিঙলৈ গৈ থকা অৱস্থাত দুখন বেটাৰীচালিত যাত্ৰীবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। AS02EC8613 আৰু AS02CR6877 নম্বৰৰ বাহন দুখনৰ খুন্দাত থিতাতে নিহত হয় ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকী।
ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কুমাৰ দেৱনাথৰ মৃত্যুত ধিঙত শোকৰ ছাঁ পৰিছে।






























