85-year-old Pilot :
বয়স কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে ৷ এই আপ্তবাক্য প্ৰযোজ্য হ’ল এগৰাকী বয়োবৃদ্ধ মহিলাৰ ক্ষেত্ৰত ৷ মহিলা গৰাকীৰ নাম ধীৰা চলিহা হাজৰিকা ৷ অসমৰ প্ৰথম গৰাকী মহিলা বৈমাণিক ৷ বৰ্তমান তেওঁৰ বয়স ৮৫ বছৰ ৷ ১৯৬১চনতে প্ৰথমবাৰৰ বাবে তেওঁ উৰুৱাইছিল বিমান ।

সুদীৰ্ঘ ৬০ টা বৰ্ষৰ বিৰতিৰ পিছত অশীতিপৰ ধীৰা চলিহা হাজৰিকাই দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহ্ত এখন বিমান উৰুৱাই পুনৰ সৃষ্টি কৰে চমক ৷ বৈমাণিকৰ বাবে পৰিধান কৰিবলগীয়া সচৰাচৰ পোছাকৰ বিপৰীতে মুগাৰ মেখেলা-চাদৰ পৰিধান কৰিয়েই পাইলটৰ আসনত বহি টেমছ নদীৰ ওপৰেৰে চলালে বিমান। ইতিমধ্যে অশীতিপৰ ধীৰা চলিহা হাজৰিকাৰ এই অসাধাৰণ কাৰ্যক সকলোৱে শলাগ লোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰিছে ৷

উল্লেখ্য যে,হাজৰিকাই বৰঝাৰস্থিত ‘অসম ফ্লায়িং ক্লাবৰ পৰা পাইলটৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ১৯৫৯ ৰ পৰা ১৯৬২লৈ ৷ আনহাতে ১৯৬১বৰ্ষত তেওঁ লাভ কৰিছিল পাইলটৰ ‘এ’ লাইচেঞ্চ ৷ তাৰ পিছতে পেছাগতভাৱে বৈমানিক ৰূপে পৰিচিত হৈ পৰে ৷































