দুই কংগ্ৰেছী বিধায়কৰ ঘনিষ্ঠৰ বিৰুদ্ধে এজাহাৰ
প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত ৰাজ্যৰ নিৰ্ব্বাচনী বতাহ ক্ৰমাৎ গৰম হোৱাৰ সমানে আৰম্ভ হৈছে নিৰ্ব্বাচনী হিংসা। নিৰ্ব্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়তে আজি দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন কলিয়াবৰ লোকসভা সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে এই দুস্কাৰ্য সংঘটিত কৰাৰ অভিযোগ উঠিছে । এই আক্ৰমণৰ ঘটনাত এন পি পি প্ৰাৰ্থীজনৰ কে’বাখনো গাড়ীৰ ক্ষতিসাধন হোৱাৰ লগতে তিনি দলীয় কৰ্মী আহত হয় ।
ADVERTISEMENT






























