কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধৰ কাৰণে সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ পৰিছে ৷ দেশত অব্যাহত থকা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ কাৰণে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ বাছনি পৰীক্ষাসমূহো বৰ্তমান স্থগিত কৰি ৰাখিছে শিক্ষা বিভাগে ।কিন্তু সম্প্ৰতি জেইই মেইনৰ পৰীক্ষা ১৮ ৰ পৰা ২৩ জুলাইৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব ৷
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে অভিভাৱক আৰু ছাত্ৰছাত্ৰীৰ লগত অনলাইন যোগে মতবিনিময় কৰে। ইয়াৰ মাজতে নীটৰ কাৰণে প্ৰায় ১৬-৭ লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰে। ইপিনে মানৱ সংশোধন বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে মংগলবাৰে বিয়লি ১২ বজাত দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰি জেইই মেইন আৰু নীট পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে ।
১৮ ৰ পৰা ২৩ জুলাইৰ ভিতৰত জেইই মেইন অনুষ্ঠিত কৰা হ’ব ।আৰু ২৬ জুলাইত অনুষ্ঠিত কৰা হ’ব নীট ৷লগতে জেইই এডভান্স পৰীক্ষাৰ আগষ্টত অনুষ্ঠিত হ’ব । কেন্দ্ৰীয় মন্ত্ৰী পোখৰিয়ালে কয় যে কৰ’না ভাইৰাছৰ পৰা অনাগত সময়ত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব তালৈ লক্ষ্য কৰিহে চিবিএচই পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে জেইই মেই পৰীক্ষাৰ এডমিড কাৰ্ড ছাত্ৰছাত্ৰীসকলে পৰীক্ষাৰ ১৪ দিনৰ পূৰ্বে লাভ কৰিব ৷
ADVERTISEMENT




























