কোৱাৰেন্টাইনত থকাৰ সময়তে নিশ্চিত হৈছিলো কৰ’নাত আক্ৰান্ত হোৱাৰ বিষয়ে ৷ সকলো সহকৰ্মীক বাদ দি কেৱল মোৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰাত প্ৰথমতে বাৰুকৈয়ে শংকিত হৈ পৰিছিলো । কিন্তু কাকো খুলি কোৱা নাছিলো । পাছত চিকিৎসা গ্ৰহণৰ পিছত এতিয়া বুজি পাইছো যে কৰ’না ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই ৷ইয়াৰ পৰা ৰক্ষা পাবলৈ কেৱল সাৱধানতাৰ প্ৰয়োজন ।” এই ভাষ্য কৰ’নামুক্ত হৈ ঘৰতে কোৱাৰেন্টাইনত থকা মহানগৰীৰ সিজুবাৰী প্ৰগতি নগৰৰ নিবাসী তথা অসম ৰাজ্যিক পৰিবেহন নিগমৰ ঠিকাভিত্তিক কৰ্মচাৰী আখতাৰ আলীৰ।
দৈনিক অগ্ৰদূতৰ আগত নিজৰ অভিজ্ঞতাৰ বিষয়ে দাঙি ধৰি তেওঁ কয় “আন্তঃজিলা বাছ সেৱা আৰম্ভ হোৱাৰ সময়েৰে পৰা মহনগৰীৰ গড়চুকস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ টিকট কাউন্টাৰত পৰিবহন নিগমৰ কৰ্মচাৰী হিছাপে সেৱা আগবঢ়াবলগীয়া হৈছিল। অন্যান্য সতীৰ্থৰ স’তে ময়ো কৰ্তব্য সমাপন কৰোঁতে ১৪ মে’ত বিশ্বনাথৰ দুই নম্বৰ ফাকৰিগুৰীৰ বাসিন্দা টক’ গয়াৰীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিলো । ইয়াৰ পৰিপ্ৰেক্ষিতত ১৬ মে’ৰ পৰা মহানগৰীৰ উলুবাৰীস্থিত হোটেল ফৰচুনত আন দুই সহকৰ্মী ক্ৰমে প্ৰভাত লাহন আৰু শিৱানজ্যোতি ডেকাৰে কোৱাৰেন্টাইনত আছিলো ৷ প্ৰথমতে তিনিও স্বাভাৱিকভাৱে কথা বতৰা হোৱাৰ পিছত ২২ মে’ত মোৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে বুলি নিশ্চিতি দিয়ে স্বাস্থ্য বিভাগে ৷
কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসা গ্ৰহণৰ অভিজ্ঞতা বৰ্ণনা কৰি পৰিবহন নিগমৰ ঠিকাভিত্তিক কৰ্মচাৰীজনে আকৌ কয় যে কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ কিছু সময়ৰ পিছতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ লৈ যোৱা হয় ৷ সিদিনা আছিল ২২ মে’ ৷ এজন এজনকৈ সিদিনা ছজন কৰ’না আক্ৰান্তক এম এম চি হাস্পতাললৈ লৈ যায় ৷ সিদিনা কোনো পৰীক্ষা নিৰীক্ষা কৰা নাছিল । পিছদিনা পুৱা তেজ আৰু লেলাউটিৰ নমুনা সংগ্ৰহ কৰে । লগতে বি এম চি কেপচুল ১০ টা, লিমচি পাঁচটা, এন্টিবায়’টিক তিনিটা আৰু আন ধৰিব নোৱাৰা টেবলেট প্ৰদান কৰে । হাইড্ৰ’ক্সিক্ল’ৰকুইন ১০ টা দিয়ে যদিও খাবলৈ বাধা প্ৰদান কৰে চিকিৎসকে। ইয়াৰ মাজতে ২৬ মে’ আৰু ২৯ মে’ত পুনৰ তেজ আৰু লেলাউটিৰ নমুনা সংগ্ৰহ কৰে । দুয়োদিনৰ ফলাফল নিগেটিভ অহাৰ পাছত আঙুলিত যন্ত্ৰ লগাই আন এক পৰীক্ষা সম্পাদন কৰে ৷
এদিন বুকুৰো এক্সৰে লৈ যোৱা ৩১ মে’ত সুস্থ ঘোষণাৰে ঘৰতে ১৪ দিন কোৱাৰেন্টাইনৰ পৰামৰ্শ দি ঘৰলৈ আহিবলৈ দিয়ে । সিদিনাই চিকিৎসালয় কৰ্তৃপক্ষই আম,এটা আপেল আৰু দুটা বেদনা থকা টোপোলা আৰু এখন গামোচা আগবঢ়াই ৷ হাস্পতালত থকাৰ সময়ত খোৱা লোৱাৰ কোনো সমস্যা নাছিল । প্ৰতিদিনে পুৱা প্ৰথমতে চাহ বিস্কুট দিয়ে ৷ ইয়াৰ কিছু সময় পাছতে ব্ৰেড, কল, কণী, গাখীৰ, পানী আৰু দুপৰীয়া ভাত দিয়ে ৷ দাইল তৰকাৰীৰ উপৰি ভাতৰ লগত কেতিয়াবা পনীৰ,কেতিয়াবা মাংস আৰু প্ৰতিসাঁজ ভাততে কণী থাকে । বিয়লিও চাহ, ব্ৰেড, মেগী, চকলেট আৰু নিশা পুনৰ ভাত দিয়ে ৷ ঘৰত কোৱাৰেন্টাইনত থকা সময়ত ভালদৰে খোৱা লোৱাৰ পৰামৰ্শ দিয়াৰ লগে মাছ মাংস কণী আদি নিয়মিতভাৱে খাই থাকিবলৈ দিছে ৷
বৰ্তমান নিজ ঘৰতে কোৱাৰেন্টাইনত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় “নিজ গৃহতে বৰ্তমান কোৱাৰেন্টাইনত আছো ৷ লগত পত্নী আৰু কন্যাও আছে ৷ পত্নী কন্যাৰ ফলাফল নিগেটিভ আহি যদিও চিকিৎসকৰ পৰামৰ্শ মতে তিনিও পৃথকে আছো ৷ লগতে আত্মীয় স্বজন তথা বন্ধু বান্ধৱক ঘৰলৈ আহিবলৈ বাধা প্ৰদান কৰিছো ৷ কোনেও আপত্তি কৰা নাই । হাস্পতালৰ পৰা আহি মোৰ এটাই অনুভৱ হৈছে কৰ’নাক লৈ কোনেও আতংকিত হোৱাৰ প্ৰয়োজন নাই । কিন্তু সকলোৱে সজাগ আৰু সচেতন হোৱাৰ দৰকাৰ ৷






























