দুখে যেন লগ নেৰে হৈছে বাঘজানবাসীৰ । তৈলখাদত হোৱা বিস্ফোৰণৰ ফলত নিৰ্গত তেল-গেছে সৃষ্টি কৰা অগ্নিকাণ্ডৰ পাছত আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিবলগীয়া হোৱাৰ সময়তে এইবাৰ কৰ’নাৰ আতংকই জোকাৰিছে অঞ্চলবাসীক । উল্লেখ্য যে দুদিন পূৰ্বে বান্দৰখাটী হাইস্কুলৰ আশ্ৰয় শিবিৰতে বাঘজান চাহবাগিচা ১২নম্বৰ লাইনৰ আনুতোষ কিষাণ(৪৫) নামৰ শ্ৰমিকজনৰ অসুস্থ হৈ মৃত্যু হোৱাৰ পিছত সোমবাৰে আশ্ৰয় শিবিৰত জ্বৰ-বমিত আক্রান্ত হৈ এটি দুবছৰীয়া কন্যা শিশুৰ মৃত্যু হয় । শিশুটিৰ পিতৃ তথা বাঘজান চাহ বাগিচাৰ বিল বিল লাইনৰ বাসিন্দা লক্ষ্মণ পত্ৰই সদৰী কৰা মতে ৯ জুনত তৈলখাদটোত সংঘটিত অগ্নিকাণ্ডৰ ফলত তেওঁ পত্নী জুলিনা পাত্ৰ আৰু কন্যা আৰচীৰ সতে বাঘজান চাহ বাগিচাৰ গিৰ্জা ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল । সেই আশ্ৰয় শিবিৰত লাইনৰ অন্য লোকসকলেও আশ্ৰয় লৈছিল । তাতে তেওঁৰ কন্যা বমি, জ্বৰ, মূৰৰ বিষ আৰু কাহত আক্ৰান্ত হয় ।
শিবিৰটোত অইলৰ তৰফৰ পৰা যোগান ধৰা চিকিৎসা সেৱাত আৰচী সুস্থ হৈ নুঠাত পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ চাৰিদিন পূৰ্বে বাঘজান চাহ বাগিচাৰ চিকিৎসকৰ কাষ চাপে। তাতো আৰক্ষী সুস্থ হৈ নুঠাত পিতৃ মাতৃয়ে আৰচীক ঘৰলৈ লৈ যায় আৰু সুস্থ কৰি তুলিবলৈ পূজাপাঠ আৰম্ভ কৰে যদিও আৰচীৰ মৃত্যু ঘটে । উল্লেখ্য যে বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯ ভাইৰাছৰ লক্ষণকেন্দ্ৰিক ৰোগত শিশুটিৰ মৃত্যু হোৱাৰ পাছতে এতিয়া কৰ’নাতংকই দহিছে বাঘজানবাসীক । ইফালে, স্থানীয় লোকসকলে আশ্ৰয়শিবিৰৰ অস্বাস্থ্যকৰ পৰিৱেশ আৰু উপযুক্ত চিকিৎসাৰ অভাৱত শিশুটিয়ে কৰুণ মৃত্যুক সাবটি লোৱা বুলি সদৰী কৰিছে। তাৰ মাজতে সোমবাৰে স্বাস্থ্যবিভাগৰ এটা দলে শিশুটিৰ মৃতদেহ বান্দৰখাটী উপস্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় আৰু মৃতদেহটো পুনৰ পৰিয়ালক গতাই দিয়ে।
উল্লেখ্য যে মৃতদেহটো স্বাস্থ্যকেন্দ্ৰলৈ কিয় লৈ যোৱা হৈছিল স্পষ্ট কৰা নাই স্বাস্থ্য বিভাগে । আৰচীৰ কৰ’না পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হ’ল নে নাই সেয়াও স্পষ্ট কৰা নাই সংশ্লিষ্ট স্বাস্থ্যকৰ্মীয়ে । যিসময়ত দেশত কৰ’নাৰ সতে অহৰ্নিশে যুজঁ অব্যাহত ৰাখিছে সেই সময়তে কৰ’না সদৃশ লক্ষণত আক্ৰান্ত হৈ আৰচীৰ মৃত্যু হোৱাৰ পিছত অইল আৰু সংশ্লিষ্ট বাগিচাৰ চিকিৎসকে কৰ’না পৰীক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল নে নাই এয়া এক ডাঙৰ প্ৰশ্ন। অৱশ্যে অঞ্চলজুৰি মৃত শিশুটিৰ নমুনা সংগ্রহ কৰা হৈছে বুলি চৰ্চা চলিছে যদিও মৃতদেহ গতাই দিয়াৰ প্ৰতি লক্ষ্য ৰাখি সচেতন মহলে পৰীক্ষা কৰা নাই বুলি সন্দেহ কৰিছে । যাৰ ফলত দুৰ্দশাগ্ৰস্ত অঞ্চলটোৰ ৰাইজে এতিয়া কৰ’না আতংকত ভুগিছে।






























