- শিৱসাগৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। সদ্য প্ৰয়াত সংগ্ৰামী নেতা অশ্বিনী চেতিয়াৰ পত্নীসহ পৰিয়াল তথা ঘনিষ্ঠ ১৩ গৰাকী লোকৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ ৷ এই খবৰে আতংকিত কৰি শিৱসাগৰবাসীক।
- দিহিংপাটকাইৰ কয়লা খননৰ সন্দৰ্ভত তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰী সোনোৱালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰাজেন্দ্ৰ প্ৰসাদ কটকীক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে ৷
- সমগ্ৰ অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ৷ এইবাৰ জি এম চি হাস্পতালৰ অধীক্ষক ডা° অভিজিৎ শৰ্মা আক্ৰান্ত হৈছে কৰ’নাত ৷ বিগত দিনত বহু কৰ’না ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ডা° অভিজিত শৰ্মা ৷
- ৰাজ্যত পুনৰ ১১১৭ জনৰ শৰীৰত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰে ৫১৫ জন গুৱাহাটীৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ২২৯৮১ লৈ বৃদ্ধি পাইছে ।মৃত্যু হৈছে ৫৩ জনৰ ৷
- সম্প্ৰতি প্ৰতিদিনে বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ষাপাৰা ষ্টেডিয়ামক কৰা হ’ব ক’ভিড হাস্পতাল ৷
ADVERTISEMENT





























