- হোম কোৱাৰেন্টাইনৰ ক্ষেত্ৰত নীতি নিয়ম সলনি কৰিছে অসমৰ স্বাস্থ্য বিভাগে । এতিয়াৰ পৰা ১৪ দিনৰ পৰিৱৰ্তে ৭ দিন থাকিব লাগিব হোম কোৱাৰেন্টাইনত ৷ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক কোৱাৰেন্টাইনত থকা সময়ত প্ৰদান কৰিব ২ হেজাৰ টকা । এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷
- কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে মেঘালয় চৰকাৰে ২৬ জুলাইৰ পৰা ২৯ জুলাইলৈকে ৰাজধানী শ্বিলঙত লকডাউন ঘোষণা কৰিছে ৷ এই কথা সদৰী কৰিছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেছট’ন টাইচঙে।
- সদ্যহতে এছিয়ান গেমচত হিমা দাসে লাভ কৰা সোণৰ পদক অসম কন্যা গৰাকীয়ে আগবঢ়াইছে ক’ভিড যোদ্ধাসকললৈ ৷ নিজৰ ফেইচবুক পেইজ আৰু টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে হিমাই ৷
- ৰাজ্যত পুনৰ ১১৩০ জনৰ শৰীৰত ধৰা পৰিছে মহামাৰীৰ কৰ’না। ইয়াৰে ৪১৭ জন গুৱাহাটী মহানগৰীৰ ৷ আনহাতে ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২৯৯২১ জন লোক । সুস্থ হৈ উঠিছে ২০,৬৯৯ জন ৷ মৃত্যু হৈছে ৭৬ জন।
ADVERTISEMENT





























