- ৰাজ্যত পুনৰ ১১৬৫ জনৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি ৷ ইয়াৰে ৩৫৩ জন মহানগৰীৰ ৷ আনহাতে ১০০ জন গোলাঘাটৰ ৷ উল্লেখযোগ্য যে ৰাজ্যত ৩১,০৮৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ সুস্থ হৈ উঠিছে ২১,৭৬১ জন ৷ আৰু মৃত্যু হৈছে ৭৭ জনৰ।
- সদ্যহতে কাৰাগাৰসমূহত কৰ’নাৰ সংহাৰী ৰূপলৈ লক্ষ্য কৰি আইনবিদ নিলয় দত্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ বিগত ১৭ জুলাইত এখন পত্ৰ লিখিছিল ৷ উক্ত পত্ৰখনৰ আঁত ধৰিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰৰ ভিতৰত ক’ভিডৰ সংক্ৰমণৰ বিষয়টোক লৈ নিজাববীয়াকৈ এক গোচৰ পঞ্জীয়ন কৰিছে ৷
- এক অদ্ভুত যুক্তি চীনৰ শাসক জিনপিঙৰ ৷ যীশুখ্ৰীষ্টৰ সলনি খ্ৰীষ্টধৰ্মী লোকসকলে আঁৰিব লাগিব জিনপিঙৰ ছবি ৷ কাৰণ বিপদত খ্ৰীষ্টধৰ্মী লোকসকলক সহায় কৰিব লাগিব ৰাষ্ট্ৰপতি জিনপিঙেহে । সদ্যহতে জিনপিঙৰ এই ভাষ্যত সমগ্ৰ বিশ্বত চৰ্চা লাভ কৰিছে।
- টিকটকে বিদায় লোৱাৰ পিছত বিগত মাহত চিংগাৰী এপ ডাউনলোড কৰিছিল প্ৰায় পাঁচ লাখ লোকে ৷ এই কথাত আনন্দিত হৈ পৰিছে এপটোৰ সহ প্ৰতিষ্ঠাপক সুমিত ঘোষ ৷
- কৰ’নাৰ কাৰণে বন্ধ হৈ থকা দেশৰ চিনেমা হ’লসমূহ আগষ্টৰ পৰা পুনৰ খোলাৰ আহ্বান জনাইছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৷ উল্লেখ্য যে বিগত তিনিমাহ ধৰি ছবিগৃহসমূহ বন্ধ হৈ থকাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল ছবিৰ প্ৰযোজক সংস্থাবোৰ ৷
ADVERTISEMENT





























