- কৰ’না ভাইৰাছৰ কাৰণে All india bar examination য়ে পৰীক্ষা স্থগিত কৰে ৷ ১৬ আগষ্টত হ’ব লগা এই পৰীক্ষাৰ আবেদনৰ সময়সীমা ৩১ আগষ্টলৈকে বৃদ্ধি কৰিছে বাৰ কাউন্সিলে । এই কথা সদৰী কৰিছে বাৰ কাউন্সিলইণ্ডিয়াই ।
- দুদিনৰ বাবে খোলা আন্তঃজিলাৰ যাতায়তৰ আজি অন্তিম দিন ৷ আজি গুৱাহাটীৰ আই এছ বি টি ৰ পৰা চলা ২৪ খন বাছত ১৬ জন যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব । ইপিনে আজি সমগ্ৰ অসমত চলিছে ৫৫ খন বাছ ৷
- সুশান্ত সিং ৰাজপুত কেতিয়াও হতাশাত ভোগা নাছিল । তেওঁ হতাশাত ভোগা ব্যক্তিয়েই নাছিল । মই জীৱনত সুশান্ত দৰে ব্যক্তি লগ পোৱা নাই । তেওঁ নিজৰ সপোন নিজেই ৰচিছিল ৷ সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেৰ এই মন্তব্যৰ পিছত অভিনেতাজনৰ মৃত্যু অধিক ৰহস্যৰ মাজলৈ সোমাই গৈছে ।
- সমগ্ৰ অসমত বানৰ তাণ্ডব ৷ ইয়াৰ মাজতে বানত প্ৰাণ হেৰুৱাইছে ১০৮ গৰাকীকৈ লোকে ৷ আনহাতে ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত ২২ খনেই সম্প্ৰতি বানৰ কবলত ৷ দুৰ্যোগ প্ৰশমন বিভাগৰ মতে ৮২,১৭০ হেক্টৰ কৃষি ভূমি এতিয়াও পানীৰ তলতে আছে ৷
- বিগত ২৪ ঘন্টাত ভাৰতত ৫৫ হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ আনহাতে কৰ’নাত মৃত্যু হৈছে ৭৭৯ জন লোকৰ ৷ ইপিনে দেশত কৰ’নাত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১৬,৩৮,৮৭১ জন । মৃত্যু হৈছে ৩৫,৭৪৭ জন ৷
- এইবাৰ ভাৰতত নিষিদ্ধ কৰা হৈছে চীনৰ কালাৰ টিভি ৷ চীনৰ পৰা বৃহৎ পৰিমাণৰ ৰঙীন টিভি ভাৰতলৈ আমদানি কৰা হয় । চৰকাৰে ইয়াৰ ওপৰত নিষেধাজ্ঞাৰ পিছত মেক ইন ইণ্ডিয়াই বিশেষ উদগনি লাভ কৰিব ।
ADVERTISEMENT
































