খৰালি হাত-সাৱটি বহি থকা জল সম্পদ বিভাগৰ একাংশ বৰমুৰীয়া -কৰ্মচাৰী গুৰুত্বহীনতাৰ বাবে প্ৰতিটো বাৰিষা ৰাজ্যৰ নৈপৰীয়া ৰাইজক বানে জুৰুলা কৰি অহা সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰীত নোনা নৈৰ মথাউৰি যোৱা ৩১ জুলাইত ছিঙি অঞ্চলটোৰ ৰাইজক আলাই -আথানি কৰে । বাঢ়নী পানী মথাউৰিছোৱা ছিঙি নিয়াৰ পিছতে বিশেষকৈ বুৰবুৰী, কঞাজেনী গাঁৱৰ খেতি পথাৰ, গ্ৰাম্য পথসমূহ, পুখুৰী মাছ নষ্ট কৰাৰ উপৰিও পশুধনৰ খাদ্যৰ নাটনি হৈ পৰিছে ।
ইতিমধ্যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকাই স্থানীয় গাঁওবুঢ়াৰ হতুৱাই ক্ষয়-ক্ষতি তালিকা প্ৰস্তুতি কৰা অনুসৰি বুৰবুৰী আৰু কঞাজেনী গাঁৱৰ ১১৫টা পৰিয়ালৰ আৰু ৩৭২ পশুধন বানাক্ৰান্ত হৈছে । ইফালে নলবাৰী বিধায়ক অশোক শৰ্মাই সিদিনাখনে বুৰবুৰীৰ নোনা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগকে সকলো ৰাইজকে হাতে-কামে মথাউৰি নিৰ্মাণ কাৰ্যত লাগিবলৈ দিয়াৰ লগতে নিজেও বাঁহৰ পৰ্কিউপাইন মাৰিবলৈ নৈত নামিয়ে শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ জল সম্পদ বিভাগ নলবাৰীস্থিত কাৰ্যলয়ক কঠোৰ নিৰ্দেশ দিছিল ।
লগে লগে নলবাৰী জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ চেতিয়াই স্থানীয় ৰাইজৰ হতুৱাই ক্ষিপ্ৰতাৰে এই ভগ্ন মথাউৰিছোৱাৰ নিৰ্মাণ কাৰ্য আৰম্ভণি কৰাই নহয় দুই -চাৰিদিনৰ ভিতৰত প্ৰায় সম্পূৰ্ণ কৰিব বুলি স্থানীয় ৰাইজে জানিব দিয়ে । জলসম্পদ বিভাগে নৈখনৰ পানীৰ গতি ৰোধ কৰাৰ লগতে ইতিমধ্যে স্থানীয় শ্ৰমিকৰ দ্বাৰা প্ৰায় ১৫ বস্তাত মাটি ভৰাই মথাউৰিছোৱাৰ পৰা প্ৰায় ৩০০ মিটাৰ উত্তৰে বাঁহৰ পৰ্কিউপাইন দিয়াৰ উপৰিও ভগ্ন মথাউৰিছোৱা স্থানীয় ৫০ গৰাকীৰো অধিক শ্ৰমিকে ক্ষিপ্ৰতাৰে কাম কৰাৰ বাবে দিনে-নিশা উঠি পৰি লাগিছে ।
উল্লেখ্য যে মথাউৰিছোৱাৰ নিৰ্মাণ কাৰ্য ভালদৰে সম্পূৰ্ণ হ’লে বুৰবুৰী, কঞাজেনী, বৰজাৱৰিহাটী, নিজখগটা গাঁৱৰ লগতে বনভাগ-বৰভাগ অঞ্চলৰ অৰ্ধশতাধিক গাঁওৰ কৃষক ৰাইজে অলপ হ’লেও সকাহ পাব বুলি চৰ্চিত হৈছে।






























