চলিত বৰ্ষৰ সাত জুলাইত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৪১হাজাৰ ঠিকা ভিত্তিক টেট শিক্ষকৰ চাকৰি ৬০বছৰলৈ সুৰক্ষা প্ৰদান কৰি অন্যান্য সকলো সুবিধা শিক্ষক সকলে লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও হিমন্ত ঘোষণা আৰু নিৰ্দেশনাত আকাশ-পাতাল পাৰ্থক্য বুলি মত ব্যক্ত কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে |
মংগলবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ শিক্ষক সমাজৰ কেন্দ্ৰীয় নেতৃত্বই এক সংবাদমেল সম্বোধন কৰি কয় যে কেবিনেটৰ সিদ্ধান্ত মৰ্মে মন্ত্ৰী শৰ্মাই কৰা ঘোষণাক আদৰণি জনাইছে টেট উৰ্ত্তীণ শিক্ষক সমাজে ।
কিন্তু আশ্চৰ্যজনক ভাৱে ঘোষণাৰ কিছুদিনৰ পাছতে শিক্ষা বিভাগে এই সকল শিক্ষকক সুবিধাসমূহ লাভ কৰিবলৈ নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছে । চুক্তিপত্ৰত ৰাজহুৱা হোৱা লগে লগে শিক্ষক সকলে চুক্তিপত্ৰত স্বাক্ষৰ নকৰা সিদ্ধান্ত গ্ৰহণ কৰা বুুুলি শিক্ষক সমাজে উল্লেখ কৰিছে । কাৰণ উক্ত চুক্তিপত্ৰত শিক্ষক সকলক স্বাক্ষৰ কৰাই চৰকাৰে সকলো অধিকাৰ খৰ্ব কৰা চক্ৰান্ত কৰা বুলি শিক্ষকসমাজে অভিযোগ কৰে |
উল্লেখ্য যে চুক্তিপত্ৰখন শিক্ষক সমাজৰ বাবে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি উক্ত চুক্তিপত্ৰত সন্নিবিষ্ট কৰা চৰ্তসমূহে শিক্ষকসকলৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰিব বুলি কয়। এই নিৰ্দেশনা আমাৰ বিৰুদ্ধে কিবা অন্যায় হ’লে কোনো দিনে প্ৰতিবাদ কৰিব নোৱাৰিম। অৰ্থাৎ আমাৰ বাক-স্বাধীনতা খৰ্ব কৰিব এই চুক্তিয়ে । গতিকে শিক্ষক সকলে কোনো দিনে স্বাক্ষৰ নকৰে উক্ত পত্ৰত- সম্পাদক মিৰাজুল ৰচিদে কয়।
সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি চুক্তিপত্ৰ অনুসৰি ২০১২ চনৰ পৰা টেট শিক্ষক সকলে কৰি অহাৰ ৮বছৰৰ শিক্ষকতা অথলে যাব । কাৰণ ১ জুলাই পৰা কাৰ্যকৰি হ’ব চুক্তিপত্ৰখন । তাত স্বাক্ষৰ কৰিলে ৬০ বছৰৰ চাকৰি নিৰাপত্তা নিশ্চিত হ’ব । সামাজিক মাধ্যম-সংবাদমেলত বিভাগৰ বিৰুদ্ধে শিক্ষক সকলে কোনো প্ৰতিবাদ কৰিব নোৱাৰিব । যিটো নেকি হাস্যকৰ কথা । শিক্ষক সকল কাৰো গোলাম নহয়- মিৰাজুলে কয়।চুক্তিখন প্ৰকৃততে ৬০ বছৰৰ বাবে নহয় ।
কাৰণ উল্লেখ আছে অতি বেছি ৬০ বছৰ।অতি কমেও কিমান সময় বাবে চাকৰি নিৰাপত্তা থাকিব তাৰ কোনো উল্লেখ নাই।পৰৱৰ্তী কোনো নিৰ্দেশনা নহালৈকে ইয়াৰ কাৰ্যকৰী হ’ব । অৰ্থাৎ যেতিয়াই মন যাব তেতিয়াই পুনৰ অৰ্ডাৰ উলিয়াই শিক্ষক সকলক চাকৰি পৰা উলিয়াই দিলেও শিক্ষক সকলে মাত মাতিব নোৱাৰিব- তেওঁ লগতে কয়। চুক্তি সদায় দুয়োটা পক্ষৰ বুজাবুজি মাধ্যমত হ’ব লাগে বুলি উল্লেখ কৰি সাধাৰণ সম্পাদক দ্বীপাৰ্ণৱ ঘোষৰ মন্তৱ্য প্ৰকাশ কৰি কয়-চুক্তিপত্ৰত শিক্ষক সকলৰ পে-ব্ৰেণ্ডৰ কোনো কথা উল্লেখ নাই ।
পূৰ্বতে শিক্ষক সমাজে লাভ কৰিবলৈ থকা প্ৰাপ্য বিৰুদ্ধে মাত মাতিব নোৱাৰিব । ২০০৫ চনৰ পৰা পেঞ্চন ব্যৱস্থা ইতিমধ্যে উঠাই দিয়া হৈছে ।কিন্তু চুক্তিপত্ৰত কোৱা হৈছে পেঞ্চনৰ সন্দৰ্ভত কোনো মাত মাতিব নোৱাৰিব । অৰ্থাৎ তাৰ পৰা অনুমান হয় আকৌ পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন হ’ব-সম্পাদক গৰাকীয়ে লগতে কয়।






























