মহানগৰীৰ সমীপৰ সোণাপুৰ নাজিৰাখাটস্থিত টোল গেটত বুধবাৰে বিয়লি ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিছত সোণাপুৰৰ এচিপি সহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ অভিযোগ অনুসৰি ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰাহাং সহ স্থানীয় কে’বাটাও দল সংগঠনৰ বিষয়ববীয়াই সোণাপুৰৰ পৰা মহানগৰীলৈ যোৱাৰ সময়ত টোলগেটত মাচুল সংগ্ৰহত নিয়োজিত কৰ্মীয়ে তেওঁলোকৰ বাহন খন ৰখায় আৰু ট্ৰাইবেল সংঘৰ বিষয়ববীয়াৰ দলটোৱে কাৰ পাছ প্ৰদৰ্শন কৰে মাচুল সংগ্ৰহকাৰী কেইজনক । কিন্তু মাচুল সংগ্ৰহকাৰী অনা অসমীয়া লোক কেইজনে কাৰ পাছ ফালি উদণ্ড আচৰণ প্ৰদৰ্শন কৰে।যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
উত্থাপিত অভিযোগ মতে, পবন কুমাৰ নামৰ অনা-অসমীয়া কৰ্মচাৰীজনে জনজাতি সংঘৰ সভাপতি জনক শাৰিৰীক ভাবেও অপদস্থ কৰে । ফলত ৰত্নেশ্বৰ ৰাহাঙে সোঁহাতত আঘাত পায় । ইপিনে টোল গেটত কৰ্মৰত অনা অসমীয়া কৰ্মচাৰী একাংশই ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ সভাপতি জনক শাৰিৰীক ভাবে অপদস্থ কৰা ঘটনাক সকলোৱে গৰিহণা দিয়াৰ লগতে উচিত বিচাৰৰ দাবী জনায় ।
অন্য এক অভিযোগ মতে, এই টোল গেটত কৰ্মৰত অনা-অসমীয়া কৰ্মাচাৰী কেইজনৰ মানৰ ব্যৱহাৰত অনেকে অতিষ্ঠ হোৱা বুলি জানিব পৰা গৈছে। জৰুৰী চিকিৎসা সেৱাৰ কামত জড়িত লোককো নিজ পৰিচয়-পত্ৰ দেখুৱাৰ পিছতে বাহনৰ মাচুল বিচাৰি হাৰাশাস্তি কৰাৰ লগতে বিভিন্ন বাক্য বানেৰে অতিষ্ঠ কৰা বুলি অভিযোগ উঠিছে ।





























