ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস ।শিলপুখুৰীৰ গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান | মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ‘ভাৰত ৰত্ন’ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধা নিবেদন কৰিছে ।
ADVERTISEMENT
ইফালে, সমাধিস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত অংশ লয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, গোপীনাথ বৰদৈলৰ পুত্ৰ বলিন বৰদলৈৰ লগতে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।