অসম চৰকাৰে ঘৰতে আইছ’লেছনত থকা ক’ভিড-১৯ত আক্ৰান্ত লোকসকলৰ কাৰণে বিনামূলীয়া চিকিৎসাৰ সেৱাৰ লগতে পাল্ছ অক্সিমিটাৰৰ সুবিধা প্ৰদান কৰিব । দেওবাৰে এই কথা সদৰী কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সমগ্ৰ অসমত সম্প্ৰতি কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷
তেনে সময়তে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাক সকলোৱে আদৰি লৈছে ৷ ইফালে বিগত সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ক’ভিড-১৯ আক্ৰান্ত তথা ঘৰতে আইছ’লেছন হৈ থকা লোকসকলৰ লগত সিদ্ধান্ত লৈছিল । আনহাতে কেজৰিৱালৰ দৰে ক’ভিড-১৯ আক্ৰান্ত সকলক প্লাজমাৰ দ্বাৰা সুস্থ হোৱাত সন্দৰ্ভতো মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা হাতত লৈছে ৷
ইফালে সম্প্ৰতি অসমত কৰ’না ভাইৰাত আক্ৰান্ত হৈছে প্ৰায় ৫৭ হেজাৰ লোক। মৃত্যু হৈছে ১৪০ জন । কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৭০০০ লোক । ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সমান্তৰালকৈ বাঢ়িছে সুস্থ হোৱাৰ শতাংশ। কৰ’নাত সম্প্ৰতি ৭০ শতাংশ লোক সুস্থ হৈ উঠিছে ৷ কৰ’না ভাইৰাছ টেষ্ট কৰাতো এক বিশেষ অগ্ৰগতি লাভ কৰিছে ।
ইতিমধ্যে ৰাজ্যখনত ১১ লাখ লোক কৰ’না পৰীক্ষা কৰা হৈছে। প্ৰতিদিনে ৬০ হাজাৰ লোকৰ শৰীৰত কৰা হৈছে কৰ’না ভাইৰাছৰ পৰীক্ষা । আনহাতে দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ২১.৫ লাখলৈ বৃদ্ধি পাইছে ৷ মৃত্যু হৈছে ৪৩,০০০ লোকৰ। কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬.২৯ জন লোক ৷ ইফালে বিগত ২৪ ঘন্টাত কৰ’নাত প্ৰায় ৬০.০০০ লোক আক্ৰান্ত হৈছে ৷





























