নগাঁও চহৰৰ এক ৰেপিড এন্টিজেন টেষ্ট চেন্টাৰত ভয়াবহ ঘটনা সংঘটিত হৈছে । চিকিৎসাকৰ্মীক আক্ৰমণ কৰি পলায়ন কৰে ক’ভিড পজিটিভ ৰূপে চিনাক্ত হোৱা এজন লোক । ঘটনাটো সংঘটিত হৈছে নগাঁও চহৰৰ মাৰোৱাৰী হিন্দী হাইস্কুলৰ ক’ভিড স্ক্ৰীণিং চেণ্টাৰত ।
স্ক্ৰীণিং চেণ্টাৰটোত ক’ভিড পজিটিভ ৰূপে চিনাক্ত হোৱা জিণা দাস নামৰ লোকজনৰ লগত যোৱা ঋষিকেশ মহন্ত নামৰ ব্যক্তি গৰাকীয়ে কৰ্তব্যৰত চিকিৎসাকৰ্মী ৰণিত দাস আৰু খুৰশ্বিদ আলমক শাৰীৰিকভাৱে আক্ৰমণ কৰি স্ক্ৰীণিং চেণ্টাৰটোৰ পৰা পলায়ন কৰাৰ লগতে ক’ভিড পজিটিভ জিণা দাসকো বলপূৰ্বক লৈ যায় ।
ক’ভিড পজিটিভ ৰূপে চিনাক্ত হোৱাৰ পিছতেই কমিউনিটি হেল্থ অফিচাৰ ৰণিত দাস আৰু লেব টেকনিচিয়ান খুৰশ্বিদ আলমক আক্ৰমণ কৰে ঋষিকেশ মহন্তই । ইতিমধ্যে এই ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে নগঞা ৰাইজ ।
উল্লেখ্য যে, চিকিৎসাকৰ্মীক প্ৰহাৰ কৰি পলায়ন কৰা ঋষিকেশ মহন্তৰ ঘৰ নগাঁও চহৰৰ ঢাকাইপট্টিৰ মতিৰাম বৰা হাইস্কুলৰ সমীপত । ঘটনা সন্দৰ্ভত স্বাস্থ্যকৰ্মী জনে হয়বৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।