গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা দুটা বন্যহস্তীৰ ৰাণী বাকাৰাপাৰা গাওঁত আজি পুৱতি নিশা বিদ্যুৎষ্পৃষ্ট হৈ কৰুণভাৱে মৃত্যু হয় । গাঁওবাসীৰ অভিযোগ অনুসৰি যোৱা কিছুদিনৰ পৰা হৈ থকা বৰষুণৰ বাবে বাকাৰাপাৰাত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ শক্তি বিভাগৰ গাফিলতিৰ বাবে তললৈ নামি আহিছিল । খাদ্যৰ সন্ধানত কাষৰীয়া ৰাণী বনাঞ্চলৰ পৰা পুৱতি নিশা প্ৰায় তিনি মান বজাত দুয়োটা বন্যহস্তীয়ে বাঁহগছ খাবলৈ চেষ্টা কৰাত উক্ত বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যু হয় ।
ঘটনাৰ খবৰ পাই ৰাণী বনাঞ্চলৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বৰ্মনৰ নেতৃত্বত এটা বনকৰ্মীৰ দল ঘটনাস্থলী উপস্থিত হৈ ৰাইজৰ সহযোগত দুয়োটা মৃত হাতী উদ্ধাৰ কৰে। পিছত পশু চিকিৎসকৰ দল উপস্থিত হৈ দুয়োটা হাতীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত বিভাগীয় নীতি – নিয়মৰ মাজেৰে গাত খান্দি বন্যহস্তী দুটা পুতি থোৱা হয় । বন বিষয়া বৰ্মনে জানিবলৈ দিয়া মতে মৃত হাতী দুটা প্ৰায় ৩৫ ৰ পৰা ৪০ বছৰ বয়সৰ এটা মতা আৰু আনটো মাইকী হাতী ।
ইফালে স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি প্ৰায়েই ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক আহি মুক্ত বিচৰণ কৰে । কিন্তু ল দুৰ্ভাগ্যজনক ভাৱে পুৱতি নিশা বিদ্যুৎ পৰিবাহী তাৰ লাগি থকা বাঁহ গছ টানি খাবলৈ লওঁতেই বন্যহস্তী দুটাৰ কৰুণ মৃত্যু হয় । শক্তি বিভাগে সময়মতে তাঁৰ সমূহ পৰীক্ষা কৰা হ’লে হাতী দুটাৰ বিদ্যুৎষ্পৃষ্ট হৈ মৃত্যু নহ’লহেঁতেন বুলিও অভিযোগ স্থানীয় ৰাইজৰ। উক্ত ঘটনাটোৱে ৰাণী অঞ্চলত শোকৰ ছাঁ পেলাইছে ।






























