আমেৰিকাৰ কেণ্টাকি চহৰৰ এখন পৌৰসভাৰ মেয়ৰ পদত এটি কুকুৰক নিৰ্বাচিত কৰা হয় । বৰ্তমান পৃথিৱীত চমক সৃষ্টি কৰিবৰ বাবে দৈনিক বহু ঘটনাই সংঘটিত কৰা হয় যদিও এনে ঘটনা ইয়াৰ পূৰ্বে ঘটা তথা শুনা নাই বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে । বহুতে ঘটনাটোক লৈ বিশ্বাসৰ দোমোজাত ভুগিলেও কিন্তু অভিনৱ ঘটনাটো সম্পূৰ্ণ সত্য ।
ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ মাজত ৰাষ্ট্ৰপতি পদক লৈ তুমুল যুঁজ চলি থকাৰ সময়তে ফ্ৰান্সৰ পৰা অনা কুকুৰটোক মেয়ৰৰ আসনত অধিস্থিত কৰা হয় । কেণ্টাকি চহৰৰ ৰেবিট হাশ পৌৰসভাৰ নিৰ্বাচনী ফলাফল যোৱা বুধবাৰে প্ৰকাশ পায় । ফলাফল অনুসৰি উইলবুৰ বিষ্ট নামৰ এজন প্ৰাৰ্থীয়ে বৃহৎ সংখ্যক ভোটৰে মেয়ৰ নিৰ্বাচিত হয় । পাছত তেওঁৰ পৰিচয় জানিব বিচৰাত দেখা গ’ল যে তেওঁ প্ৰকৃততে কোনো মানুহ নহয় । এটি কুকুৰহে ।
পৌৰসভাৰ বাসিন্দাসকলে বুলডগটোকে মেয়ৰ হিচাপে বাচনি কৰি লৈছে । উইলবুৰ বিষ্ট নামৰ কুকুৰটোৰ বাহিৰেও জেক ৰেবিট আৰু গ’ল্ডেন ৰিট্ৰিভাৰ নামৰ কুকুৰ পোৱালী এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । নিৰ্বাচনত মুঠ ভোটাৰ আছিল ২২ হেজাৰ ৯৮৫ গৰাকী । বিষ্টে লাভ কৰে ১৩ হেজাৰ ১৪৩ টি ভোট । জেক ৰেবিটে দ্বিতীয় আৰু গ’ল্ডেন স্থানত থাকে ।
চহৰৰ ‘এম্বেছেডৰ’ পদত পুনৰ বিজয়ী হয় ১২ বছৰ বয়সৰ বৰ্ডাৰ কুলি লেডি ষ্টোন । বিষ্টৰ গৰাকী তথা মুখপাত্ৰ এমি ন’লেণ্ডে জনোৱা অনুসৰি তেওঁ ইতিমধ্যে বিষ্টক জয়ী কৰোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে । এমিয়ে কয়, ‘আশা কৰিছো বিষ্টে সকলোৰে সমৰ্থন তথা বিশ্বাসক ধৰি ৰাখিব পাৰিব ।’ উল্লেখ্য যে আমেৰিকাৰ অহায় নদীৰ পাৰত অৱস্থিত কেণ্টাকি চহৰৰ ৰেবিট হাশ পৌৰসভাত ১৯৯০ৰ পৰাই কুকুৰক মেয়ৰৰ পদত নিৰ্বাচিত কৰি অহা হৈছে । এক ডলাৰৰ বিনিময়ত ভোটানৰ বিশেষ অধিকাৰ লাভ কৰে বাসিন্দাসকলে । সংগ্ৰহ কৰা ধন সমাজ সেৱামূলক কামত ব্যৱহাৰ কৰা হয় ।





























