শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২১ সংখ্যক নৱবৰ্ষ মহোৎসৱৰ লগত সংগতি ৰাখি চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা বৰ্ণিল ছন্দ নামেৰে এখন কলা প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় । অনুষ্ঠানখন এক জানুৱাৰীৰ পৰা সাত জানুৱাৰীলৈ অব্যাহত থাকিব । প্ৰদৰ্শনীখনত মুঠ ৯৮ খন চিত্ৰ আৰু ১৬টা ভাস্কৰ্য দৰ্শকৰ বাবে মুকলি কৰা হৈছে ।

প্ৰদৰ্শনীখনৰ উদ্বোধন কৰে শিল্পী বীৰেন সিংহই । প্ৰদৰ্শনীখনত চিত্ৰ, ভাস্কৰ্য গ্ৰাহকলৈও মুকলি কৰা হৈছে । সম্প্ৰতি তেওঁলোকে প্ৰায় ৫০ হেজাৰ টকাৰ চিত্ৰৰ লগতে হাতেৰে সজা সামগ্ৰী বিক্ৰী কৰিছে ।

প্ৰদৰ্শনী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত অধ্যাপক অতুল চন্দ্ৰ বৰুৱাই কয়, ‘কলাক্ষেত্ৰত প্ৰতিবাৰে কবিতা আৰু ছবিৰ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে । কবিতা আৰু ছবিৰ খুব ওতঃপ্ৰোত সম্পৰ্ক । কবিতা লিখা মানুহে সাধাৰণতে ছবি আঁকিব পাৰে আৰু ছবি অঁকা মানুহে কবিতা লিখিব পাৰে । ছবি আৰু কবিতাত আবেগ, অনুভূতি সকলোবোৰ অন্তৰ্ভুক্ত হৈ থাকে । কবিয়ে তেওঁলোকৰ আবেগ, অনুভূতি লিখিতভাৱে আৰু আমি ছবিৰ মাধ্যমেৰে প্ৰকাশ কৰো ।’
অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ তামুলীয়ে অনুষ্ঠানখনৰ বিষয়ত কয়, ‘বৰ্ণিল এখন মুকলি মঞ্চ । অনুষ্ঠানখন অতি আমোদজনক হৈছে । নৱ প্ৰজন্ম আৰু আমাৰ মাজত প্ৰত্যক্ষভাৱে আলোচনা হৈছে । আমি তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যত্ন কৰিছো । আলোচনাচক্ৰত বহুকেইজন শিল্পীসহ শিল্প শিক্ষাবিদ উপস্থিত আছিল ।’
চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানত দিলীপ তামুলী, বীৰেন সিংহ, ননী বৰপূজাৰী, দুৰ্লভ ভট্টাচাৰ্য আৰু অতুল চন্দ্ৰ বৰুৱাই যুটীয়াভাৱে চিত্ৰাংকন কৰে । চিত্ৰখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থায়ীভাৱে ৰখা হ’ব ।






























