●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত এক লাখ ৪৫ হেজাৰ ৩৮৪ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ৩২ লাখ পাঁচ হেজাৰ ৯২৬ জন ।
● ইতিমধ্যে এক লাখ ৬৭ হেজাৰ ৪৩৬ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৭৯৪ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ২৫ কোটি ৫২ লাখ ১৪ হেজাৰ ৮০৩ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১১ লাখ ৭৩ হেজাৰ ২১৯জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ১০ কোটি ১৫ লাখ ৯৫ হেজাৰ ১৪৭ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৩৫ লাখ ১৯ হেজাৰ ৯৮৭ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।
































