বিগত এটা বছৰ ধৰি কৰ’না ভাইৰাছক কেন্দ্র কৰি নিত্য নতুন গৱেষণাৰ ফল প্রকাশ পাই আহিছে। তৎসত্ত্বেও বিশ্বৰ কোনাে দেশেই এই পর্যন্ত কৰ’না ৰােধৰ প্রকৃত উপায় বিচাৰি উলিয়াব পৰা নাই। প্রায় প্রতিটো গৱেষণাৰ ফলাফলে প্রকাশ কৰি আছে ন ন তথ্য।
শেহতীয়াকৈ ব্রিটেইনৰ এদল গৱেষকে প্রকাশ কৰিলে আন এক চাঞ্চল্য সৃষ্টিকাৰী তথ্য। এই গৱেষকৰ দলটোৱে দাবী কৰিছে যে সূৰ্যৰ পােহৰ বা ৰ’দৰ মাজতে হয়তাে লুকাই আছে কৰনাৰ মাৰাত্মক বীজ। ব্রিটিছ জাৰ্ণেল অৱ ডার্মাট’ল’জী’ত এই গৱেষণাপত্ৰখন প্রকাশিত হৈছে।
ব্রিটেইনৰ এডিনব’ৰ’ বিশ্ববিদ্যালয়ৰ এই গৱেষকৰ দলটোৱে ২০২০ জানুৱাৰীৰ পৰা এপ্রিল পর্যন্ত প্রায় আঢ়ৈ হেজাৰ কাউন্টিৰ ক’ত কিমান সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি থাকে, সেয়া পৰীক্ষা কৰিছিল। তাৰ লগতে সেইবােৰ কাউন্টিত কৰ’নাৰ প্রকোপ কিমান সেই পৰিসংখ্যাও তেওঁলােকে বিশ্লেষণ কৰি চাইছে।
এই গৱেষণাত তেওঁলােক স্পষ্ট হয় যে যিবােৰ অঞ্চলত সর্বাধিক ৯৫ শতাংশ পর্যন্ত অতি বেঙুনীয়া ৰশ্মি যায়, তাত মৃত্যুৰ হাৰ তুলনামূলকভাৱে বহু কম। একেদৰে যিবােৰ অঞ্চলত অতি বেঙুনীয়া ৰশ্মি সিমান প্রকট নহয়, তাত কৰ’নাত মৃত লােকৰ সংখ্যা বেছি। ইংলণ্ডৰ উপৰি ইটালীতাে একেধৰণৰ পৰীক্ষা কৰি গৱেষকৰ দলটোৱে অনুৰূপ ফল লাভ কৰিছে।
গৱেষকসকলে দাবী কৰিছে যে ভিটামিন ‘ডি’ নহয়, ইয়াৰ অন্তৰালত আছে অতি বেঙুনীয়া ৰশ্মিহে। তেওঁলােকে গৱেষণাত দেখিছে যে গাৰ ছাল অধিক মাত্ৰাত সূৰ্যৰ পােহৰৰ সংস্পৰ্শলৈ আহিলে সেই ছালৰ পৰা নাইট্রিক অক্সাইড নির্গত হয়। সম্ভৱতঃ ইয়াৰ ফলতে ক’ভিড-১৯ৰ সংক্রমণ ৰােধ কৰা সম্ভৱ হয়।
ইয়াৰ লগতে গৱেষকৰ দলটোৱে জনাইছে যে ৰ’দ সংস্পৰ্শলৈ আহিলে হৃদযন্ত্রৰ স্বাস্থ্য ভালে থাকে। যিহেতু মাৰাত্মক কৰ’না ভাইৰাছৰ আক্ৰমণত হৃদযন্ত্র বিকল হােৱাৰ আশংকা থাকে, সেয়ে এই ক্ষেত্ৰত ৰ’দ কৰ’না ৰােগীৰ বাবে আশীর্বাদস্বৰূপ হ’ব পাৰে।






























