ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰায় বিধ্বস্ত দেশৰ অৰ্থনীতিক কিছু সকাহ দিয়াৰ চেষ্টা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ৰ । ঘোষণা কৰিলে ৫০ হেজাৰ কোটি টকাৰ ‘লিকুইডিটী’ । অৰ্থাৎ, এই পৰিমাণৰ অৰ্থ আৰবিআইৰ অধীনস্থ ৰাষ্ট্ৰীয় বেংকবোৰক প্ৰদান কৰিব আৰবিআইয়ে ।
এই অৰ্থৰে যাতে বেংকবোৰে প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা, প্ৰতিষেধকৰ কেঁচা পণ্য আমদানিকাৰী, প্ৰতিষেধক সৰবৰাহকাৰী, হাস্পতাল, ডিচপেন্সৰী, প্ৰতিষেধক পৰিৱহণ সংস্থা আৰু ক’ভিড ৰোগীসকলক জৰুৰীকালীন পৰিস্থিতিত ঋণ দিব পাৰে । ২০২২ পৰ্যন্ত দেশৰ স্বাস্থ্য ব্যৱস্থা আৰু পৰিকাঠামো সুস্থ কৰি তুলিবৰ বাবেই আৰবিআইৰ এই পদক্ষেপ ।
আজি এই ঘোষণা কৰি আৰবিআইৰ মুৰব্বী শক্তিকান্ত দাসে কয়, ‘ইয়াৰ ফলত বেংকবোৰে প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা, প্ৰতিষেধকৰ কেঁচা পণ্য আমদানিকাৰী, প্ৰতিষেধক সৰবৰাহকাৰী সংস্থা, হাস্পতাল, ডিচপেন্সৰী আৰু ক’ভিড ৰোগীসকলক জৰুৰীকালীন অৱস্থাত ঋণ দিবলৈ সক্ষম হ’ব ।’
তেওঁ লগতে কয় যে, প্ৰথম ঢৌৰ অন্তত যেতিয়া দেশৰ অৰ্থনীতি সুস্থিৰ হৈ উঠিছিল তেতিয়াই দ্বিতীয় ঢৌৰ নতুন সংকটৰ সৃষ্টি হৈছিল । অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া চলিত বৰ্ষৰ বৃষ্টিপাতৰ পূৰ্বাভাস অনুসৰি, খাদ্য সামগ্ৰীৰ মূল্যৰ মুদ্ৰাস্ফিতী নহ’ব বুলি ধাৰণা কৰিছে আৰবিআইৰ মুৰব্বীজনে ।
দাসে লগতে জনায় যে, চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত কেৱাইচি আবেদনপত্ৰ জমা দিব নোৱাৰাসকলৰ বিৰুদ্ধে কোনো জৰিমনা বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয় ।