সমগ্র দেশতে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ । দিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা । ভাৰতৰ বিভিন্ন চিকিৎসালয়ত নাই পৰ্যাপ্ত বিছনা , অক্সিজেনৰো অভাৱ । গুৱাহাটীটো ক্ৰমান্বয়ে বৃদ্ধি পাইছে মহামাৰী কৰ’নাৰ প্ৰকোপ ।
ক’ভিড মহামাৰীৰ সংকটজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় কণ্ঠশিল্পী যুৱপ্ৰজন্মৰ হাৰ্ট থৰ্ব জুবিন গাৰ্গ আৰু তেখেতৰ পত্নী গৰিমা শইকীয়াৰ বিশেষ পদক্ষেপ ।
https://m.facebook.com/story.php?story_fbid=10160144636519369&id=641989368&sfnsn=wiwspwa
জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়াৰ কাহিলীপাৰা স্থিত দুমহলীয়া ঘৰটো ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক ক’ভিড সম্পৰ্কীয় সকলো কাম সকলো সময়তে ব্যৱহাৰৰ কৰাৰ বাবে চৰকাৰক প্রদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।
এই কথা এটা ফেচবুক প’ষ্টৰ যুগে গৰিমা শইকীয়াই ঘোষণা কৰে।






























