ভাৰতৰ ক’ভিড-১৯ৰ সংক্ৰমণৰ কালত বিশেষভাৱে প্ৰভাৱিত হৈছে বেংক সেৱাৰ স’তে জড়িত কর্মচাৰীসকল। কৰ’নাৰ ব্যাপক সংক্রমণৰ মাজতাে বেংকসমূহে নিয়মিতভাৱে দেশবাসীক সেৱা আগবঢ়াই আহিছে । এইদৰে কর্তব্য পালন কৰিবলৈ যােৱা বেংকৰ বিষয়া-কৰ্মচাৰীৰ সহস্রাধিকে ইতিমধ্যে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱালে।
অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছচিয়েচনৰ সচিব প্রধান এছ নাগৰাজনে এই কথা প্রকাশ কৰি কয়, ‘আমি এতিয়ালৈকে এহেজাৰৰাে অধিক সহকর্মীক ক’ভিডত হেৰুৱালাে । বেংক কর্মচাৰীসকল হৈছে সন্মুখৰ যােদ্ধা আৰু কৰ’নাৰ সংক্রমণে কর্মচাৰীসকলক যথেষ্ট প্রভাৱিত কৰিছে।’
আনহাতে, অল ইণ্ডিয়া বেংক এমপ্লয়ীজ এছ’চিয়েচনৰ তথ্য অনুসৰি ক’ভিড কালত ভাৰতত এতিয়ালৈকে ১২০০ জন বেংক বিষয়া-কৰ্মচাৰীৰ মৃত্যু হ’ল।
সংস্থাটোৱে এইদৰে তথ্য প্রকাশ কৰি লগতে কয়, ভাৰতত প্রায় ১৫ লাখ বেংক-কর্মচাৰী আছে আৰু এতিয়ালৈকে এক লাখৰৰ অধিক কর্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত হৈছে।





























