দেশৰ বৃহৎ চহৰ-মহানগৰত ত্রাস সৃষ্টি কৰাৰ পাছত কৰ’না সংক্রমণে এইবাৰ গ্রামাঞ্চলত তাণ্ডৱ আৰম্ভ কৰিছে ।
শেহতীয়াভাৱে দেশৰ বহু গ্রামাঞ্চলত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু লগে লগে মৃতকৰ সংখ্যাও এনেবােৰ অঞ্চলত বৃদ্ধি পাইছে ।
ৰাজধানী দিল্লীৰ পৰা প্ৰায় ডেৰ ঘণ্টাৰ দূৰত্বত অৱস্থিত বাচি গাঁৱৰ বাসিন্দাৰ সংখ্যা হৈছে ৫৪০০ জন । এই গাঁওখনত সম্প্রতি এক-তৃতীয়াংশ বাসিন্দা ক’ভিডত আক্ৰান্ত হৈছে আৰু বিগত তিনি সপ্তাহত গাঁওখনত ক’ভিডত প্ৰাণ হেৰুৱালে ৩০ জনৰাে অধিক লােকে ।
এই গাঁৱত নাই কোনাে স্বাস্থ্য কেন্দ্র, চিকিৎসক অথবা অক্সিজেন । চহৰবাসীৰ দৰে এই গাঁৱৰ বাসিন্দাই সামাজিক মাধ্যমৰ জৰিয়তেও আনৰ পৰা সহায় বিচাৰিব নােৱাৰে ।
বাচি গাঁৱৰ বাসিন্দা সঞ্জীৱ কুমাৰে কৰ’নাৰ শেহতীয়া সংক্ৰমণৰ প্ৰসংগত কয়, ‘গাঁৱত সৰহসংখ্যক লােকৰ ক’ভিডত মৃত্যু হােৱাৰ কাৰণ হৈছে অক্সিজেনৰ ব্যৱস্থা নথকাটো ।
জিলা চিকিৎসালয়লৈ ৰােগীৰ নিবলৈ চাৰি ঘণ্টা সময়ৰ যাত্ৰাৰ প্ৰয়ােজন হয় আৰু এই সময়তে বহুসংখ্যক ৰােগীৰ মৃত্যু হৈছে। উল্লেখ্য যে কেবল বাচি গাঁৱতে নহয়, দেশৰ প্ৰায়বােৰ গ্রামাঞ্চলতে ক’ভিডৰ দ্বিতীয় সংক্ৰমণৰ এনে ভয়াবহ পৰিস্থিতি প্রত্যক্ষ হ’বলৈ ধৰিছে ।
আনকি বহু গ্রামাঞ্চলত ক’ভিডত চিকিৎসাৰ অভাৱত একোটা পৰিয়ালৰ আটাইকেইজন সদস্যৰ মৃত্যু হােৱাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছে ।





























