সমগ্ৰ দেশৰ লগতে অতিমাৰী কৰ’না ভাইৰাছে অসমতো ত্ৰাসৰ সৃষ্টি কৰিছে । এই অভিশপ্ত কৰ’না ভাইৰাছে অকালতে শত সহস্ৰ জনৰ প্ৰাণ কাঢ়ি লৈছে । এই অতিমাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ নীত-নিৰ্দেশনা দি আহিছে । চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰিবলৈ গৈ দুখীয়া, দিন হাজিৰা কৰি খোৱা মানুহৰ জীৱন এক প্ৰকাৰ অচল হৈ পৰিছে । এই ক্ষেত্ৰত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বিকলাংগ তথা বিশেষভাৱে সক্ষম লোকসকল।
দহ জনৰ কৃপাৰ ওপৰত নিৰ্ভৰশীল বিকলাংগসকলে গাড়ী-মটৰ বন্ধ থকাৰ বাবে ক’তো ওলাব পৰা নাই । ফলত বিকলাংগসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে । বৰপেটা জিলাৰ কাদং আঞ্চলিক বিকলাংগ সন্থাৰ সম্পাদক আমিনুল হকে বিকলাংগ সন্থাৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে।
সংবাদমেলত সন্থাৰ সম্পাদক আমিনুল হকে নতুন চৰকাৰ আৰু নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰি আমিনুল হকে শীঘ্ৰেই বিকলাংগসকলৰ বাবে ফলপ্ৰসু আঁচনি ৰূপায়ণৰ বাবে আহ্বান জনায়। অন্যথা ভোকে-লঘোনে মৰিব লাগিব বুলি ক্ষোভ প্ৰকাশ কৰে ।
কাদং আঞ্চলিক বিকলাংগ সন্থাৰ উপদেষ্টা জয়নাল আবেদিন আৰু নূৰ হুছেইন উপস্থিত থাকি কৰ’না সন্দৰ্ভত চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি মানি চলিবলৈ আহ্বান জনায়। লগতে, অনাহাৰে-অৰ্ধাহাৰে জীৱন যাপন কৰা লোকলৈ চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।





























