সমগ্র বিশ্বৰ বাবেই আতংক হৈ পৰিছে কৰ’না ভাইৰাছ । এই পর্যন্ত বিশ্বত কে’বা লক্ষ লােকে এই অণুবীক্ষণিক জীৱৰ আক্ৰমণত প্রাণ হেৰুৱাইছে।
ইটোৰ পাছত সিটো প্ৰজাতিৰ জন্ম দি কৰ’নাই ধ্বংসলীলা অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত আকৌ আতংক বৃদ্ধি কৰি মালয়েছিয়াত সন্ধান ওলাল কৰ’না ভাইৰাছৰ এক নতুন প্রজাতিৰ।
কুকুৰৰ পৰাই এই জীৱাণুৰ সংক্রমণ হৈছে।’দ্য নিউয়র্ক টাইমছ’ত প্রকাশিত এক প্রতিবেদনত কোৱা হৈছে যে ২০১৮ত নিউমনিয়াত আক্রান্ত এটি শিশুক মালয়েছিয়াৰ এখন হাস্পতালত ভর্তি কৰােৱা হয়।
সেই শিশুটিৰ শৰীৰতে প্রথমবাৰলৈ দেখা যায় কৰ’নাৰ এই নতুন প্রজাতিটো। এই ভাইৰাছ কুকুৰৰ পৰা বিয়পে বুলি একাংশ গৱেষকে দাবী কৰিছে। ইয়াকৈ লৈ এই পর্যন্ত আঠ প্রকাৰৰ কৰ’না ভাইৰাছৰ সন্ধান পােৱা গৈছে।

যােৱা বৃহস্পতিবাৰে এই সংক্রান্তীয় গৱেষণা পত্র ‘ক্লিনিকেল ইনফেকচিয়াছ ডিজিজেছ’ নামৰ এখন স্বাস্থ্য পত্রিকা প্রকাশিত হয় । এই প্রতিবেদনতে জনােৱা হৈছে যে মালয়েছিয়াৰ এখন হাস্পতালৰ ৰােগীসকলৰ পৰা নমুনা সংগ্রহ কৰা হৈছিল।
ৰােগীসকলৰ লক্ষণ আছিল কিছু পৰিমাণে নিউমনিয়াত আক্রান্ত ৰােগীৰ দৰে। ৩০১টা নমুনাৰ ভিতৰত আঠটাতে দেখা গৈছে সেই ৰােগীসকল কুকুৰৰ ভাইৰাছত আক্রান্ত । ইয়াৰ পাছতে বিষয়টোক যথেষ্ট তােলপাৰ লাগিছে ।
উল্লেখ্য যে ইয়াৰ পূর্বেও অন্যান্য পশুৰ শৰীৰত কৰ’না ভাইৰাছ পােৱা গৈছিল। অৱশ্যে কুকুৰৰৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ এই নতুন ভাইৰাছে কিমান দ্রুতগতিৰে সংক্রমিত হ’ব পাৰে আৰু ই কিমান প্রাণঘাতী, সেই বিষয়ত অধিক গৱেষণাৰ প্রয়ােজন আছে বুলিয়ে বিজ্ঞানীসকলে ধাৰণা কৰিছে।





























