বিজেপিয়ে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টি (আপ) চৰকাৰৰ বিৰুদ্ধে কৰ’না কালত তথ্য গােপন কৰাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিলে।
বিজেপিৰ মুখপাত্র সম্বিত পাত্রই দিল্লী চৰকাৰৰ বিৰুদ্ধে এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে দিল্লীত কৰ’নাত প্ৰকৃততে যিমানসংখ্যক লােকৰ মৃত্যু হৈছিল, তাৰ তুলনাত চৰকাৰে বহু কম পৰিসংখ্যা প্রকাশ কৰিছে।
দিল্লীত কৰ’নাত আক্ৰান্ত হৈ সংঘটিত হােৱা মৃত্যুৰ প্ৰসংগত প্রশ্ন উত্থাপন কৰি পাত্ৰই কয় যে দিল্লীৰ তিনিখন নগৰ নিগমে দুমাহত মুঠ ৩৪,৭৫০ খন মৃত্যুৰ প্রমাণপত্র জাৰি কৰিছিল। ইমান বৃহৎসংখ্যক মৃত্যুৰ প্রমাণপত্র নগৰ নিগমে জাৰি কৰাৰ পাছতাে দিল্লীৰ চৰকাৰে কৰ’নাত মৃতকৰ সংখ্যা ৯,৯১৬ জন বুলি দাবী কৰিছে।
বিজেপিৰ মুখপাত্রজনে দিল্লীত ক’ভিডত মৃতকৰ সন্দৰ্ভত তদন্তৰ দাবী জনায়। পাত্রই কয় যে কেজৰিৱাল চৰকাৰে দিল্লীত ঘৰে ঘৰে অক্সিজেনৰ যােগান ধৰা হ’ব বুলি প্রতিশ্রুতি দিছিল যদিও এতিয়া এইখন চৰকাৰে দিল্লীবাসীক অক্সিজেনৰ পৰিৱর্তে সুৰাৰ ‘হােম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে।






























