● সাতখন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নত থাকিব । জিলাকেইখন হৈছে গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ আৰু মৰিগাঁও ।
● ১১খন জিলা ক্ৰমে ধুবুৰী, কামৰূপ মেট্ৰ’, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দিত বিয়লি চাৰি বজা পৰ্যন্ত দোকান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় খোলা থাকিব । সন্ধিয়া পাঁচ বজাৰ পৰা পাছদিনা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব ।
● আন্তঃজিলা যাতায়ত বন্ধ থাকিব ।
● অন্যান্য নীতি-নিয়ম পূৰ্বৰ দৰেই থাকিব ।
● সাতখন জিলাৰ বাহিৰে অন্য কোনো জিলা বা অঞ্চলত সংক্ৰমণ অধিক বৃদ্ধি হ’লেই কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলৈ জিলা উপায়ুক্তক আহ্বান ।
● শিৱসাগৰ, ডিব্ৰুগড়ত চোকা দৃষ্টি ৰখা হ’ব ।
● ১৬খন জিলাত বিয়লি দুই বজাৰ পৰা পাছদিনা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বাহাল থাকিব । জিলাকেইখন হৈছে কৰিমগঞ্জ, কামৰূপ, দৰং, বাগ্সা, শিৱসাগৰ, ডিব্ৰুগড়, বৰপেটা, নলবাৰী, কোকৰাঝাৰ, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি আংলং আৰু বজালি ।
● নতুন এছঅ’পি সাত জুলাইৰ পৰা এসপ্তাহলৈ অব্যাহত থাকিব ।





























