কৰ’নাৰ দ্বিতীয় লহৰৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এপ্ৰিলৰ তৃতীয় সপ্তাহৰ পৰা বন্ধ হৈ থকা ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ অহা পহিলা ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে খোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
সম্প্ৰতি কৰ’নাৰ পৰিস্থিতি কিছু উন্নত অৱস্থালৈ অহাৰ পাছত চৰকাৰে এই পৰিকল্পনা গ্ৰহণ কৰিছে বুলি কালি সংবাদ মাধ্যমৰ আগত ডাঃ ৰণোজ পেগুৱে সদৰী কৰি কয় যে বিদ্যালয়সমূহ খোলাৰ সন্দৰ্ভত যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰা হৈছে । স্বাস্থ্য বিভাগৰ লগতো এই ক্ষেত্ৰত আলোচনা কৰা হৈছে আৰু পৰিস্থিতি এই ধৰণে উন্নত হৈ থাকিলে পহিলা ছেপ্টেম্বৰৰ পৰা খোলাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ সদৰী কৰে ।
উল্লেখ্য যে পহিলা ছেপ্টেম্বৰত বিদ্যালয়সমূহ খুলিলেও প্ৰথম পৰ্যায়ত কেৱল নৱম-দশম আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ বাবে খোলাৰ পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী পেগুৱে কয় ।
সমান্তৰালভাৱে মহাবিদ্যালয়সমূহৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ শ্ৰেণী আৰম্ভ কৰিবলৈ বিভাগে পৰিকল্পনা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী ডাঃ পেগুৱে ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ’ব বুলি কয় ।






























