পখিলা খেদা বয়সতে তিনি ফুলকুমলীয়া শিশুৰ জীৱনলৈ নামি আহিল এক অমানিশা । এই অমানিশাৰ বাবে জীৱন, জীৱিকা আৰু ভৱিষ্যতত এক অনিশ্চিতাই দেখা দিছে । দৰিদ্ৰতাই লগ নেৰা বাবেই তিলতিলকৈ অগা-পিছাকৈ তিনি শিশুৰ পিতৃ-মাতৃৰ অকাল মৃত্যু ঘটে ।
পিতৃ-মাতৃহাৰা তিনি শিশুৰ বাবে জীৱন অভিভাৱকহীন হৈ পৰিছে । যোৰহাট নগৰৰ পৰা পশ্চিমে প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ বৰখঙীয়া গাঁৱৰ এটা পৰিয়ালৰ কৰুণ ঘটনাই হতবাক কৰি তুলিছে সকলোকে । তিনি ফুলকুমলীয়া শিশু ক্ৰমে পাপলি বৰা(১৩), মৃন্ময় বৰা(৮) আৰু অভিৰাজ বৰা(৪)ক এৰি দুবছৰৰ পূৰ্বে পিতৃ মৃদুল বৰাৰ মৃত্যু হয় । ইয়াৰ পাছত মাতৃ জানকী বৰাই অতি কষ্ট কৰি তিনি সন্তানকলৈ পৰিয়াল চলাই আছিল । কিন্তু আজিৰ পৰা ১৩ দিন পূৰ্বে জানকী বৰাৰ মৃত্যু ঘটে ।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা জানকীৰ উন্নত চিকিৎসাৰ অভাৱৰ বাবেই অকাল মৃত্যু ঘটে । উল্লেখ্য যে, পতি-পত্নীৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈয়ে অকাল মৃত্যু ঘটে । দুই অভিভাৱকৰ মৃত্যুৰ পাছত এতিয়া নিসংগ হৈ পৰিছে তিনি শিশু ।
কিদৰে জীৱনটোক আগুৱাই নিব তাক লৈ এতিয়া নিৰূপাই হৈ পৰিছে । সম্প্ৰতি সম্বন্ধীয় পৰিয়ালে তিনি শিশুক চোৱা-চিতা কৰিছে যদিও সেই সকলো আৰ্থিক ক্ষেত্ৰত অভাৱী পৰিয়াল । অঞ্চলটোৰ একাংশ যুৱকে এই দৰিদ্ৰ পৰিয়ালটোক কিছু সহযোগিতা কৰিছে । কিন্তু ভৱিষ্যত সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত তিনি শিশুৰ বাবে অসম চৰকাৰে কিছু ব্যৱস্থা লোৱাৰ অনুৰোধ কৰিছে ৰাইজে ।
গাওঁখনৰ সন্মিলিত অনুষ্ঠান অনুজ সাহিত্য সংস্কৃতি গোষ্ঠীয়ে এই তিনি শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে । তদুপৰি অসমৰ ৰাইজ স্বেচ্ছাসেৱী অনুষ্ঠান বা এনজিঅ’ই এই তিনি শিশুক সহায় কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ।