দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত বোমা ৰখাৰ হুমকি পায় নিৰাপত্তা বৃদ্ধি কৰা হৈছে । দিল্লী আৰক্ষীয়ে জনাইছে, পাক সমৰ্থনকাৰী সন্ত্ৰাসবাদী সংগঠন আল কায়দাই বিমানবন্দৰত আক্ৰমণ কৰিব পাৰে বুলি গোপন সূত্ৰত খবৰ পোৱা গৈছে । সেয়ে আগৰ পৰাই প্ৰস্তুত হৈ আছে তেওঁলোক ।
বিমানবন্দৰৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা অৱশ্যে বিবৃতিত জনোৱা হৈছে যে, বহু সন্ধানৰ পাছতো বোমা পোৱা নাই । সেয়ে বম্ব্ থ্ৰেট এছেচমেণ্ট কমিটিক যাবলৈ কোৱা হয় । অতিৰিক্ত নীৰিক্ষণ চলাই থকা হৈছে বিমানবন্দৰত । নিৰাপত্তাৰক্ষীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে ।
কৰ্তৃপক্ষই জনায় যে, শনিবাৰে বিমানবন্দৰৰ কণ্ট্ৰ’ল ৰুমত এটা হমকিৰ ইমেইল আহে । ইমেলটোত লিখা আছিল, আল কায়দাই বিমানবন্দৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে । কৰ্ণবীৰ ছুৰী ওৰফে মহম্মদ জালাল আৰু তেওঁৰ পত্নী শেলী সাৰদা ওৰফে হাছিনা দেওবাৰে ছিংগাপুৰৰ পৰা দিল্লীলৈ আহিছে । আগন্তুক তিনিদিনৰ ভিতৰত তেওঁলোকে বিমানবন্দৰত বোমা ৰখাৰ পৰিকল্পনা কৰিছে । এই ইমেইল পোৱাৰ পাছতে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।
দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, তদন্তত পোৱা গৈছে যে ইয়াৰ আগতেও এই দুজনৰ নামত বিভিন্ন ঠাইত ইমেইল কৰা হৈছে । অৱশ্যে বিষয়টোক পাতলভাৱে লোৱা নাই দিল্লী আৰক্ষী আৰু বিমানবন্দৰ কৰ্তৃপক্ষই । নিৰাপত্তাত যাতে কোনো কাৰণতে গাফিলতি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে ।
বিমানবন্দৰৰ প্ৰৱেশ আৰু প্ৰস্থান দুৱাৰত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । আৰক্ষীৰ কুকুৰো ব্যৱহাৰ কৰা হৈছে । দিল্লী আৰক্ষীয়ে জনাইছে, ক’ৰ পৰা ইমেইল কৰা হৈছে আৰু ইয়াত কোনো অভিসন্ধি আছে নে নাই তাৰ তদন্ত কৰি আছে তেওঁলোকে ।