শুল্ক বিভাগে মহানগৰীৰ ডাউন টাউনত অভিযান চলাই ২২খন সোণৰ বিস্কুটসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
ধৃত সৰবৰাহকাৰীজন মহাৰাষ্ট্ৰৰ সাংলি জিলাৰ কেটন মানিক সিং ৰাজপুত্ৰ(২৬) বুলি শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ সহকাৰী আয়ুক্ত বৰুন যাদৱে সদৰী কৰিছে ।
এক গোপন খবৰৰ ভিত্তিত বিভাগৰ ‘এণ্টি স্মাগ্লিং ইউনিটে’ অভিযান চলাই ডাউন টাউন হাস্পতালৰ সমীপৰ বাছ আস্থানৰ পৰা দিনৰ প্ৰায় ১২.৩০ বজাত ধৃত সোণ সৰবৰাহকাৰীজনৰ পৰা ২২খন সোণৰ বিস্কুট জব্দ কৰিছে ।
প্ৰতিখন বিস্কুটৰ ওজন ১৬৬ গ্ৰাম আৰু জব্দকৃত সোণখিনিৰ মুঠ ওজন তিনি কিলোগ্ৰাম ৬১৭.৮৪ গ্ৰাম বুলি বিষয়াজনে উল্লেখ কৰি ইয়াৰ মূল্য প্ৰায় এক কোটি ৭৬ লাখ ৭৫ হেজাৰ বুলি সদৰী কৰে । উল্লেখ্য যে প্ৰতিখন সোণৰ বিস্কুটত ম্যানমাৰৰ চিহ্ন থকা বুলি বিষয়াজনে সদৰী কৰে ।






























