মোবাইল ফোন গিলি হাস্পাতালত ভর্তি হ’বলগীয়া হ’ল এজন ব্যক্তিয়ে । অৱশ্যে চিকিৎসকসকলে অস্ত্রোপচাৰৰ জৰিয়তে পেটৰ পৰা ওলিয়ালে মোবাইলটো । কোনোমতে প্রাণে ৰক্ষা ৰিল ব্যক্তিজনৰ । এই ঘটনাটো কছ’ভ’ত সংঘটিত হৈছে ।
কছ’ভ’ৰ প্রিষ্টিনা চহৰৰ বাসিন্দা ৩৩ বছৰীয়া ব্যক্তিজনে খাই পেলাইছিল ন’কিয়াৰ ৩৩১০ মডেলৰ ফোনটো । ঘটনাৰ পাছতেই তেওঁক দ্রুত হাস্পাতালত লৈ যোৱা হয় । চিকিৎসকসকলে স্কেন কৰি দেখে, পেটৰ ভিতৰত তিনি ভাগত ভাগ হৈ গৈছে ফোনটো । কিন্তু ফোন হজম হোৱাটো সম্ভৱ নহয় । যদি কোনো কাৰণত বেটেৰীৰ ক্ষতিকৰ উপাদান শৰীৰত মিহলি হৈ যায় শৰীৰৰ ক্ষতি হ’ব পাৰে ।
অস্ত্রোপচাৰৰ পিছত ফেসবুকত ছবি প’ষ্ট কৰে চিকিৎসকসকলে । এক্স-ৰে প্লেটৰ ছবিও প’ষ্ট কৰা হয় । তাতে স্পষ্ট দেখা যায় যে, ফোনটো পেটৰ ভিতৰত আছে । চিকিৎসকে জনায়, পেটত গৈ ফোনটো তিনি ভাগত ভাঙি যায় । ইয়াৰ এটা অংশ আছিল বেটাৰী, যিটোক লৈ আটাইতকৈ বেছি চিন্তা আছিল । যিকোনো সময়তে বেটাৰীৰ ক্ষতিকৰ পদার্থ শৰীৰত মিহলি হৈ ক্ষতি কৰিব পাৰে ।
হাস্পাতাল কর্তৃপক্ষই জনাইছে, ব্যক্তিজন নিজেই হাস্পাতালত আহিছিল । কেনেদৰে তেওঁৰ পেটৰ ভিতৰত ফোনটো সোমাল, সেয়া স্পষ্টভাৱে কোৱা নাই । এই অস্ত্রোপচাৰৰ বাবে দুঘণ্টা সময় লাগে । ২০১৪ ৰ পৰা একাধিক আন্তর্জাতিক পৰিসংখ্যা দেখা গৈছে, বহুতৈ এনেদৰে ফোন গিলিছে ।