আজি দিনৰভাগত তিনিচুকীয়াৰ থানা চাৰিআলিত তাই আহোম ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা সমিতিৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ADVERTISEMENT
প্ৰতিবাদস্থলীৰ পৰা তাই আহোম ছাত্ৰ সন্থাৰ যুতীয়া সম্পাদক মিলন বুঢ়াগোহাঁই কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰেই অসমৰ ছয় জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে আৰু এতিয়া পুনৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই অসমৰ ছয় জনগোষ্ঠীৰ বিষয়ে গৱেষণা কৰাৰ প্ৰয়োজন বুলি কৰা মন্তব্য ধিক্কাৰজনক ৷ গতিকে এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ গ্ৰহণ কৰক ৷





























