বৈদেশিক মন্ত্ৰণালয়ে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰিলে অসমৰ ১২ গৰাকী শিক্ষাৰ্থীক । শিক্ষাৰ্থীকেইজন হৈছে ক্ৰমে মোহম্মদ মোদাচ্ছিৰ, চিন্ময় শৰ্মা, আবিদা বেগম চৌধুৰী, বিক্ৰমাদিত্য বৰা, পক্ষিৰাজ বৈশ্য, মাধুৰ্য্য কলিতা, সুস্মিতা ক্ষেত্ৰী, আকুলদ্বিপ শৰ্মা, ৰিয়াজ হুছেইন, অনুভৱ বৰা, দৰ্শন পাঠক, ছৈয়দ জহাৰুল আলম ।
ADVERTISEMENT
শিক্ষাৰ্থীসকল আজি নতুন দিল্লীত আহি পাইছে আৰু তাৰ পৰা তেওঁলোকক অসম ভৱনৰ কৰ্তৃপক্ষই আদৰণি জনায় । তেওঁলোকৰ দিল্লীৰ পৰা গুৱাহাটীলৈ অহা বিমানৰ টিকিটৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত নতুন দিল্লীৰ অসম ভৱনত থাকিব ।





























